• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিপ’ৰ্ট কাৰ্ডৰ বিষয়ত সভাপতি ৰঞ্জিত দাসক উভতি ধৰিছে বিজেপিৰ বিধায়কে : পইচা নাই পুস্তিকা চপাবলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2018 9:02 pm
l_Ranjit-Das-1502260320

ৰঞ্জিত দাস। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰাজ্যখনৰ দলটোৰ সকলো বিধায়ককে তেওঁলোকৰ দুবছৰীয়া কামৰ খতিয়ান দিবৰ বাবে অহা ৩০ জুলাই সময়সীমা বান্ধি দিয়াক লৈ দলটোৰ বিধায়কসকলৰ মাজত এতিয়া দেখা গৈছে তীব্ৰ অসন্তুষ্টি-আপত্তি।

উল্লেখযোগ্য যে ৰঞ্জিত দাসে কিছু দিনৰ পূৰ্বে সকলো বিধায়ককে তেওঁলোকে নিজৰ নিজৰ সমষ্টিত যোৱা দুটা বছৰত কৰা কামৰ সবিশেষ ৰঙীন পুস্তিকাৰ আকাৰে প্ৰকাশ কৰি দলৰ সভাপতিক জমা দিবলৈ নিৰ্দেশ দিয়াৰ লগতে ভোটাৰৰ মাজতো বিলাবলৈ নিৰ্দেশ দিছিল।

Apply Now

কিন্তু ইয়াকে লৈ এতিয়া দলটোৰ ভিতৰচ’ৰাত দেখা গৈছে ক্ষোভৰ উদগিৰণ। দলটোৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ইতিমধ্যে এই কথাটোৰ এক প্ৰকাৰে বিৰোধিতা কৰিছে।

“সভাপতিয়ে ক’লে বুলিয়েই খতিয়ান দিব লাগিব বুলি কথা নাই।” মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয়। আনহাতে তেওঁ এনেকৈ পুস্তিকা প্ৰকাশ কৰি বিতৰণ কৰিবলৈ নিজৰ পইচা নাই বুলিও কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে গগৈয়ে বিধায়কৰ কেটেগৰি থকা বুলিও কটাক্ষ কৰে। “বিধায়কৰ কেটেগৰি আছে। কিছুমান বিধায়কৰ আগৰ পৰাই ‘ব্যৱসায়’ আছে। কিন্তু আমি কৰ্মীৰ পৰা বিধায়ক হৈছো। আমাৰ অৱস্থা সিমান স্বচ্ছল নহয়।” এইদৰে কয় বিধায়কজনে।

আনহাতে তেওঁ এইদৰে পুস্তিকা বিতৰণ কৰাৰ কোনো প্ৰয়োজন নাই বুলিও কয়। তেওঁ কয়, “মানুহে আমাক দেখিয়ে আছে কি কৰিছো। গতিকে নতুনকৈ ৰাইজক ক’ব লাগিব বুলি ভবা নাই।”

একেই ভাষ্য দিয়ে থাওৰাৰ বিজেপিৰ বিধায়ক কুশল দুৱৰীয়ে। তেওঁ কয়, “আমাৰ ফাইনেন্সিয়েলি বহুত প্ৰবলেম থাকে। কাৰণ এখন খাতিয়ান (খতিয়ান) একেবাৰে বেয়াকৈ উলিয়ালেও গ্ৰহণযোগ্য নহয়। বেটুপাতকে ধৰি গোটেইখিনি সুন্দৰভাৱে বনাব লগীয়া হয়। গতিকে সেইখিনি ক্ষেত্ৰত আমাৰ ৪-৫ লাখ টকা খৰচ হয়। প্ৰত্যেকজন এম এল এ সেইখিনি খৰচ কৰাটো সম্ভৱ নহয়। সেইটো দল বা চৰকাৰৰ পৰা দিয়াৰ সুবিধা নাই।”

দলৰ নিৰ্দেশ সন্দৰ্ভত তেওঁ কয়, “খতিয়ানতো দিব লাগে। আমি দলক খাতিয়ান দিম। ৩০ তাৰিখৰ ভিতৰত দিব দিছে, আমি দিম। এই খাতিয়ানতো একেবাৰে সহজ। মই কি কি কৰিলো, কি কি পালো সেইখিনি মই সভাপতিৰ ওচৰত দাখিল কৰি দিম। কিন্তু ৰাইজক বিতৰণ কৰাটোত সমস্যা আছে।”

উল্লেখযোগ্য যে যোৱা বছৰো থাওৰা সমষ্টিৰ বিধায়কজনে নিজৰ এবছৰীয়া কামৰ খতিয়ান ৰঙীন পুস্তিকাত প্ৰকাশ কৰিছিল। মাত্ৰ তিনিশমান পুস্তিকা প্ৰকাশ কৰোঁতেই বিধায়কজনে প্ৰায় ২ লাখ টকা খৰচ কৰিছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।

আনহাতে ইয়াৰ মাজতে পূব-গুৱাহাটীৰ বিধায়ক তথা শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই তেওঁৰ দুবছৰীয়া কামৰ খতিয়ান দিয়ে।

মন কৰিব লগীয়া যে মোদীয়ে তেওঁৰ নেতৃত্বৰ চাৰি বছৰীয়া চৰকাৰখনৰ সফলতাৰ প্ৰচাৰ কৰাৰ বাবে শ শ কোটি টকা খৰচ কৰাক লৈ দেশজুৰি সমালোচনাৰ জোৱাৰ উঠি থকাৰ মাজতে মুখ্য মন্ত্ৰী সোণোৱাল আৰু দলৰ ৰাজ্যিক নেতৃত্বই মোদীৰ চাৰিবছৰীয়া কামৰ খতিয়ান ৰঙীন পুস্তিকাৰ ৰূপত প্ৰকাশ কৰি ঘৰে ঘৰে বিলাই ফুৰা দেখা গৈছে।

আন এটা সূত্ৰই কয় যে বিধায়কসকলে কামৰ খতিয়ান লৈ ঘৰে ঘৰে যাব পৰাকৈ কোনো বিধায়কে তেনেকুৱা কাম পোৱা নাই বা আঁচনি ল’ব পৰাকৈ ধনৰ যোগান নাই। গতিকে পুস্তিকাৰ ৰূপত খতিয়ান দাঙি ধৰি তাক ভোটাৰৰ ওচৰত উপস্থাপন কৰাটো এটা সমস্যা হৈ দেখা দিছে বিধায়কসকলৰ বাবে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd