যোৱা ১৯ জানুৱাৰীৰ নিশা জন্মু কাশ্মীৰৰ পৰা ঘৰ অভিমুখে অহা হাউলীৰ কাঠলীঝাৰৰ এজন যুৱক কাটাৰা-কামাখ্যা নামৰ ৰেইলখনেৰে আহি প্ৰথম অৱস্থাত নিউ বঙাইগাওঁ ষ্টেচনত নামে। জানিব পৰা মতে কাঠলীঝাৰৰ নিবাসী হৰমুজ আলীৰ পুত্ৰ কিতাপ আলিয়ে নিউ বঙাইগাওঁ ষ্টেচনৰ পৰা বৰপেটাৰোডলৈ অবোধ আসাম এক্সপ্ৰেছেৰে আহি থকা বুলি ঘৰলৈ ফোন কৰি জনায়।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অবোধ আসাম এক্সপ্ৰেছেৰে আহি থকা অৱস্থাতে হঠাৎ যুৱকজনৰ মোবাইল ফোন বন্ধ হৈ পৰে। ইফালে যুৱকজনৰ লগত পৰিয়ালৰ লোকে সংযোগ কৰিব নোৱাৰাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতৰ সৃষ্টি হয়। সেয়েহে কালি যুৱকজনৰ পিতৃয়ে বৰপেটাৰোড আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।
কিন্তু আজি পূৱা যুৱকজনৰ সন্ধান পোৱা যায় গুৱাহাটী ৰেইল’ৱে ষ্টেচনত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যুৱকজন অচেতন অৱস্থাত ৰে’ল চাফা কৰা কৰ্মচাৰীয়ে প্ৰতক্ষ্য কৰে। তাৰ পিছতে তেওঁলোকে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।
কিছুসময়ৰ পিছত যুৱকজনে জ্ঞান ঘূৰাই পোৱাত তেওঁক ডকাইতে লুট-পাত চলাই মোবাইল ফোন, নগদ ধন কাঢ়ি লৈ যোৱা বুলি ৰেইলৱে আৰক্ষীক অবগত কৰে। তদুপৰি যুৱকজনে আৰক্ষীক জনোৱা অনুসৰি সৰভোগ ষ্টেচনৰ পৰা কেইজনমান অচিনাক্ত যুৱকে তেওঁৰ পিছ লয়। আৰু তেওঁক যুৱক কেইজনে জোৰ-জবৰদস্তিৰে ধপাতজাতীয় সামগ্ৰী সেৱন কৰাই অচেতন কৰি দুৰ্বৃত্তৰ দলটোৱে মোবাইল আৰু হাতত থকা সকলো ধন কাঢ়ি লৈ যায় বুলি জনায়।
শেহতীয়াকৈ জানিব পৰা মতে ৰেইলৱে আৰক্ষীয়ে যুৱকজনক এখন বাহনেৰে বৰপেটাৰোডলৈ পঠিওৱাৰ ব্যৱস্থা কৰে। বৰ্তমান যুৱকজন সুস্থ অৱস্থাত ঘৰ পোৱাহি বুলি পৰিয়ালৰ লোকে আমাক জানিবলৈ দিয়ে।