নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত জিলা কাৰ্যালয় প্ৰাংগণত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত উক্ত ধৰ্মঘট কাৰ্যসূচীত বহু সংখ্যক কৰ্মী উপস্থিত থাকে।
এই ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ নেতাসকলে কয় যে, ‘জাতি মাটি আৰু ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি ৰাজ্যত ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কিহৰ স্বাৰ্থত অবৈধ প্ৰব্ৰজনকাৰীক ধৰ্মৰ ভিত্তিত শ্ৰেণী ভাগ কৰি নাগৰিকত্ব প্ৰদানৰ বাবে উঠি পৰি লাগিছে সেয়া বিচাৰ্য্যৰ বিষয়। একেদৰে গুৱাহাটীত এটা দিনৰ বাবে ৰাজহুৱা শুনানিৰ বাবে ব্যৱস্থা কৰিলে যদিও বৰাকত দুদিন কৰিলে। এয়া এক ষড়যন্ত্ৰ বুলি হে প্ৰমাণ হ’ল।’
সংগঠনটোৱে অসম তথা অসমৰ জাতীয় জীৱনক ভয়ংকৰ ভাবে ক্ষতি কৰিব পৰা, হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে উত্থাপন কৰিব লগা এনে জাতি ধবংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক একতাৰে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।
ধৰ্মঘটস্থলীত সংগঠনটোৰ কৰ্মী সকলে ‘কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি নেতৃত্বাধীন চৰকাৰ হুঁচিয়াৰ, হিন্দু বাংলাদেশী নাগৰিকত্ব আইনৰ সংশোধনী বাতিল কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে নলবাৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে।