‘অসমত অসমীয়াক হত্যা কৰাৰ লগতে অখিল গগৈকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰ এছ এছ-বিজেপিয়ে’। ফে’ছবুকত এটা ভিডিঅ’ৰ জৰিয়তে অখিল গগৈ ( Akhil Gogoi )ক সকীয়নি দিয়া দিব্যজ্যোতি হাজৰিকা নামৰ যুৱকজনক গ্ৰেপ্তাৰৰ দাবীৰে আজি ৫ জুনত এই মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে।
‘তেওঁক গ্ৰেপ্তাৰ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ প্ৰত্যেকখন থানা ঘেৰাও কৰিবলৈ বাধ্য হ’ম,’ ক’লে কোঁৱৰে।
ৰুদ্ৰ সেনা আৰ এচ এচৰ অংশ বুলি সদৰী কৰি কোঁৱৰে কয় ‘নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছৰে পৰা গোটেই ভাৰতবৰ্ষতে ফেচিবাদ আৰম্ভ হৈছে আৰু অখিল গগৈক হত্যাৰ ভাবুকি দিয়াটো ফেচিবাদৰে অন্য এটা ৰূপ।’
ৰুদ্ৰ সেনা নামৰ হিন্দুত্ববাদী সংগঠন এটাৰ অধ্যক্ষ দিব্যজ্যোতি হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত ইতিমধ্যে ৰাজ্যৰ কেইবাঠাইতো বেলেগে বেলেগে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে।
ভিডিঅ’টোত প্ৰকাশিত বক্তব্যই ‘সমাজৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব’ আৰু ই ‘অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কৰ্মীৰে মানহানি কৰিছে’ বুলি অভিযোগ কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৪ জুনত সংগঠনটোৰ নেতা ৰাজু বৰাই নগাঁৱৰ কামপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।
তাৰোপৰি গোৱালপাৰাকে ধৰি ৰাজ্যৰ আন কেইবা ঠাইটো ইতিমধ্যে ৰুদ্ৰ সেনাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।
অখিল গগৈক নিৰাপত্তা প্ৰদানৰ বাবেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে।
ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে হাজৰিকাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক সকীয়নি প্ৰদান কৰিছিল।
অখিল গগৈক ভাবুকি দিয়া হাজৰিকাই নিজকে দেশভক্ত আৰু গগৈক দেশদ্ৰোহী বুলি দাবী কৰি বিভিন্ন গালি-গালাজ কৰিছিল।