কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অসমত সন্ত্ৰাসৰ দিন অন্ত পৰিল বুলি কোৱা এদিনৰ পিছতে ৰাজ্যখনৰ সীমান্তৰ কিছু কিছু অঞ্চলত এতিয়াও আলফা (স্বাঃ)ৰ সবল উপস্থিতি আছে বুলি স্বীকাৰ কৰিছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে।
সংবাদ মাধ্যমৰ আগত সাহায়ে আজি অকপটে কয় যে ৰাজ্যখনৰ সীমান্তৰ অঞ্চলবোৰত নিৰাপত্তা বাহিনী সফল হৈছে বুলি এতিয়াও ক’ব পৰা নাযায়, যিহেতু আলফা (স্বাঃ)ৰ উপস্থিতি এইবোৰ অঞ্চলত এতিয়াও বেচ সক্ৰিয় হৈ আছে।
‘কিছু কিছু ঠাইত আলফাৰ সক্ৰিয়তা পূৰ্বতকৈও বাঢ়িছে। তেওঁলোকে অৰুণাচল প্ৰদেশ, ম্যানমাৰ আৰু নাগালেণ্ডৰ ভিতৰুৱা ঠাইৰ সুযোগ লৈ আছে।’ এইদৰে কয় আৰক্ষী সঞ্চালক প্ৰধানজনে।
তেওঁ জানিবলৈ দিয়া মতে এই সীমামূৰীয়া অঞ্চলবোৰত আনবোৰ ৰাজ্যৰ নিৰাপত্তা বিভাগৰ সৈতে লগ লাগি অচিৰেই সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে যৌথ অভিযান চলোৱাৰ প্ৰস্তুতি চলাই থকা হৈছে।
অৱশ্যে সাহায়ে এইটোও জনায় যে যোৱা বছৰৰ পৰা আলফা (স্বাঃ)ৰ সক্ৰিয়তা ভালেখিনি কমিছে। ‘ভাৰত চৰকাৰৰ চৰকাৰী প্ৰতিবেদনে কয় যে তেওঁলোকৰ সক্ৰিয়তা প্ৰায় ৫০ শতাংশ কমি গৈছে।’ সাহায়ে এইদৰে কয়।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৈছিল যে অসমত সন্ত্ৰাসৰ দিনবোৰৰ অন্ত পৰিল।
আনহাতে অসম চৰকাৰে বিধানসভাৰ মজিয়াত দিয়া তথ্য মতে ৰাজ্যখনৰ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছৰ পৰা যোৱা ৩ ফেব্ৰুৱাৰিলৈকে মুঠ ৫১ জন সশস্ত্ৰ বিদ্ৰোহীক হত্যা কৰা হৈছে আৰু ৬জন আহত হৈছে। এই সময়ছোৱাৰ ভিতৰত মাত্ৰ ৬জনহে নিৰাপত্তা বাহিনীৰ লোক নিহত হৈছে। আহত হৈছে ৯জন।