• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত বুকলেণ্ড প্ৰকাশনে আগবঢ়াব শ্ৰেষ্ঠ শিক্ষকৰ বঁটা

আচিফ ইব্ৰাহিম by আচিফ ইব্ৰাহিম
May 2, 2018 9:30 pm
bookland-store-570x320
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ পানবজাৰস্থিত বুকলেণ্ড প্ৰকাশনে এই বছৰৰ পৰা বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষক বঁটা আৰম্ভ কৰিব।

অসমৰ আগশাৰীৰ আৰু পুৰণি প্ৰকাশন গোষ্ঠীসমূহৰ অন্যতম বুকলেণ্ড প্ৰকাশনে ইয়াৰ প্ৰথম বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষক বঁটা-২০১৮’ প্ৰদান অনুষ্ঠানটো অহা শুকুৰবাৰে গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব।

Apply Now

শ্ৰেষ্ঠ বঁটাৰ এই বঁটা প্ৰদান অনুষ্ঠানত এই বছৰৰ বুকলেণ্ড শ্ৰেষ্ঠ শিক্ষক বঁটা-২০১৮’ ছয়গৰাকী বিজয়ীক প্ৰদান কৰিব।

সমাজলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱা আৰু বৰঙণিৰ স্বীকৃতি স্বৰূপে ৰাজ্যখনৰ কেইবাগৰাকীও নিৰ্বাচিত প্ৰসিদ্ধ শিক্ষক তথা শিক্ষাবিদক অনুষ্ঠানত সম্বৰ্দ্ধনা জনোৱা হ’ব।

এই অনুষ্ঠানতে বিশিষ্ট কবি তথা চুটি গল্প লেখক ড০ নন্দ সিং বৰকলাক ‘বুকলেণ্ড সমন্বয় সাহিত্য বঁটা-২০১৮’ প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছে।

বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰা, গুৱাহাটী ডনবস্কো হাউছৰ প্ৰভিন্সিয়েল ভি থমাছ, চি বি এছ ইৰ নিয়ন্ত্ৰক ড০ কে কে চৌধুৰী আৰু আই আই টি গুৱাহাটীৰ সঞ্চালক গৌতম বিশ্বাস বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকাৰ আশা কৰা হৈছে।

১৯৬২ চনত প্ৰয়াত বিনোদ চন্দ্ৰ নাথে প্ৰতিষ্ঠা কৰা বুকলেণ্ডে এক অতি বিনম্ৰ প্ৰয়াসেৰে গ্ৰন্থ বিক্ৰেতা আৰু প্ৰকাশন প্ৰতিষ্ঠান হিচাপে এই অঞ্চলত সমাদৃত হৈ আহিছে।

যিসময়ত বেছিভাগ গ্ৰন্থই ৰাজ্যৰ বাহিৰৰ পৰা প্ৰকাশিত হৈ আহিছে আৰু অসমৰ গ্ৰন্থ বিপনীসমূহে কেৱল সেইবোৰ বিক্ৰী কৰি আহিছিল সেই সময়ত বুকলেণ্ডে বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে স্থানীয় গ্ৰন্থকাৰক জড়িত কৰি উচ্চ মানদণ্ডৰ পাঠ্যপুথি তথা গাইড বুক প্ৰকাশ কৰাৰ সাহসী পদক্ষেপ গ্ৰহণ কৰিছিল।

বৰ্তমান এক অতি অভিজ্ঞ সম্পাদনা সমিতি আৰু এক অতি দক্ষতা সম্পন্ন পুনৰীক্ষকৰ দলৰ সহযোগ বুকলেণ্ডে গোটেই দেশৰ লগতে আৰু বিদেশতো ইয়াৰ গ্ৰন্থৰ বজাৰ সম্প্ৰসাৰণৰ বাবে স্বীকৃতি  লাভ কৰিছে।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি প্ৰকাশ কৰা কোম্পানীটোৰ শেহতীয়া প্ৰকাশনসমূহে আন্ত:ৰাষ্ট্ৰীয় গ্ৰন্থমেলাসমূহত ব্যাপক সঁহাৰি লাভ কৰিছে।

কোম্পানীটোৱে ইতিমধ্যে ৫০০ তকৈয়ো অধিক গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ কৰিছে আৰু ইয়াৰ গ্ৰন্থ অকল উত্তৰ-পূৰ্বাঞ্চলতে ১২০০ তকৈয়ো অধিক বিদ্যালয়ত চলিছে।

আচিফ ইব্ৰাহিম

আচিফ ইব্ৰাহিম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd