ভাৰতৰ ছাত্ৰ-ছাত্ৰী, গৱেষকসকলক তেওঁলোকৰ প্ৰতিভা তথা দক্ষতা বিকাশৰ বাবে ইউৰোপীয় সংঘ ( European Union )ই জলপানি আগবঢ়াই আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলকো এই জলপানিৰ সুবিধা ল’বৰ বাবে আজি ১০ এপ্ৰিলত গুৱাহাটীত এক সংবাদ মেলত আহ্বান জনাইছে ইউৰোপীয় সংঘৰ দূত তমাছ কজলস্কিয়ে।
‘কেইবছৰমান আগৰেপৰা ইউৰোপীয় সংঘৰ তৰফৰ পৰা আগবঢ়োৱা ইৰাচমাছ প্লাছ জলপানিৰ অধীনত ৫৩০০ গৰাকী ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে জলপানি লাভ কৰিছে। ইয়াৰে ১৮০০ গৰাকীয়ে মেৰি ক্যুৰি জলপানি লাভ কৰিছে। বিগত তিনিবছৰত ১২০ খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ১৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জলপানি পাইছে’ বুলি জনাই অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অহা দূতজনে।
তেওঁ কালি গুৱাহাটীত উপস্থিত হৈ প্ৰথমে ডনবস্ক’ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত আজি আই আই টি গুৱাহাটীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।
ডনবস্ক’ বিশ্ববিদ্যালয়ত তেওঁ স্থানীয় লোকসকলৰ সৈতে ভাব বিনিময় কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ অধীনত প্ৰশিক্ষণ লৈ থকা গাঁৱলীয়া এলেকাৰ মহিলাসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।
বিশ্ববিদ্যালয়খনৰ ‘এক্সিলেন্স ইন নেন’ টে’কনলজি’ আঁচনিৰ অধীনত আৰম্ভ কৰা গাঁৱলীয়া অঞ্চলৰ পানী নিষ্কাষণ পৰিচালনাৰ কাম গাঁৱৰ লোকসকলৰ হাতত অৰ্পন কৰা বুলিও সংবাদমেলত সদৰী কৰে।
কজলস্কিয়ে কয় যে ‘ভাৰত-ইউৰোপীয় সংঘ পৰিস্কাৰ শক্তি আৰু পৰিৱেশ সহযোগিতা চুক্তিৰ অধীনত ভাৰতৰ সৌৰশক্তি নিগমৰ সহযোগিতাত অসমৰ আমগুৰিত এখন সৌৰশক্তিচালিত বাগিচা (Solar Park) নিৰ্মাণৰ কাম হাতত লোৱা হৈছে।’
ইউৰোপীয় সংঘ আৰু ভাৰতৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ গৈ দূতজনে কয় যে ‘ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত যুটীয়া কৰ্ম আঁচনিৰ জৰিয়তে ২০০৫ চনতে এক সম্পৰ্ক গঢ়লৈ উঠিছিল আৰু এই কাৰ্য্যসূচী ২০২০ চনলৈকে লৈ যোৱাৰ বাবে ২০০৮ চনতে সিদ্ধান্ত লোৱা হৈছিল।’
ইউৰোপীয় সংঘ ভাৰতৰ বৃহৎ বাণিজ্য সহযোগী বুলিও তেওঁ উল্লেখ কৰে।