অসমৰ ভিতৰতে অসমীয়া হৈ থাকিবলৈ বিচাৰে ডিমাচাসকলে

Anup_Chetia

‘গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ আগলৈকে মাইবাংবাসীৰ প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু অপ্ৰৰোচিত আছিল।’

আজি গুৱাহাটী প্ৰেছক্লাবত আয়োজিত এখন সভাত আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই হাফলঙৰ ঘটনাৰ পিছত মাইবাং ভ্ৰমণ কৰি পোৱা নিজৰ অভিজ্ঞতাৰ বিৱৰণ দি এইদৰে কয়।

তেওঁ কয় যে দুপৰীয়া পৰ্য্যন্ত প্ৰতিবাদকাৰীসকলে নাগালিম বিষয়টোত নিজৰ অৱস্থান ধৰ্মঘটৰ মাজেৰে কৰা প্ৰতিবাদ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সাব্যস্ত কৰি আহিছিল। তেওঁলোকে আৰক্ষী আৰু প্ৰশাসনৰ সৈতে সহযোগ কৰি আহিছিল।  আনকি তেওঁলোকে প্ৰথমে যিডোখৰ ঠাইত অৱস্থান কৰিছিল তাৰ পৰা আৰক্ষী প্ৰশাসনৰ নিৰ্দেশমৰ্মে আন এডোখৰ ঠাইলৈ সলনিও কৰিছিল প্ৰতিবাদৰ স্থান। তেওঁলোকে আৰক্ষী-প্ৰশাসনক কৈছিল যে ১২ ঘণ্টা অৱস্থান কৰাৰ পিছত তেওঁলোক গুচি যাব। ইতিমধ্যে বহু সংখ্যক প্ৰতিবাদকাৰী ঘৰমুৱা হ’বলৈ ধৰিছিলেও।

তেনে সময়তে জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আহি প্ৰতিবাদস্থলীত উপস্থিত হৈছিল। আৰু হঠাতে ঘটনাই নতুন আৰু অভাৱনীয় মোৰ লয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকলেও প্ৰত্যাক্ৰমণ কৰিবলৈ উদ্যত হয়। অলপ পিছতে আৰক্ষীয়ে গুলী চালনা কৰাৰ ফলত দহজনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। ইয়াৰে দুজনৰ পিছত মৃত্যু হয়।

অনুপ চেতিয়াই কয় যে মাইবাং তথা ডিমাচাবাসীৰ মনত এতিয়া প্ৰচুৰ ক্ষোভৰ উমান পোৱা গৈছে। তেওঁলোকে অসমীয়া মানুহ তথা অসমৰ মূল সুঁতিৰ মানুহখিনিয়ে তেওঁলোকক অৱজ্ঞা তথা দমন কৰা বুলি ভাবিবলৈ বাধ্য হোৱা বুলি চেতিয়াই মন্তব্য কৰিছে। ডি চিজনো অসমীয়া তথা গুলীচালনা কৰাসকলো অসমীয়া হোৱা বাবে এই ধাৰণাই তেওঁলোকৰ মনত স্বাভাৱিকভাৱেই খোপনি পুতিছে বুলি চেতিয়াই মন্তব্য কৰে। আনহাতে তেওঁ জিলাৰ উপায়ুক্ত ৰঞ্জিৎ হাজৰিকাক তাৎক্ষণিকভাৱে বদলি কৰাৰ দাবী তোলে।

আনহাতে মাইবাং ভ্ৰমণ কৰোতে ডিমাচা সকলে তেওঁলোকৰ আগত প্ৰকাশ কৰা আন এটা ডাঙৰ ক্ষোভৰ কথা উল্লেখ কৰি আলফাৰ সাধাৰণ সম্পাদকজনে কয় যে ডিমাচাসকলক পূৰ্বে মেঘালয়ৰ অন্তৰ্ভুক্ত কৰিব খোজোতেও তেওঁলোকে তাৰ বিৰোধিতা কৰি অসমৰ সৈতে থাকিবৰ ইচ্ছা কৰিছিল। এতিয়া আকৌ নাগালমিৰ অন্তৰ্ভুক্ত কৰিব খুজিছে। নাগালিমৰ পৰিৱৰ্তে অসমৰ লগত অসমীয়া হৈ থাকিব বিচৰা বাবেই তেওঁলোকক এনেদৰে বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছে বুলিও তেওঁলোকে ক্ষোভ ব্যক্ত কৰা বুলি চেতিয়াই দাবী কৰে। লগতে তেওঁলোকে এই ক্ষোভো ব্যক্ত কৰিছিল যে অসমৰ মূল ভূখণ্ডত এই ঘটনাৰ কোনো প্ৰতিবাদ কৰা দেখা পোৱা নাই।

উল্লেখযোগ্য আজি প্ৰেছ ক্লাবত অসমৰ সদ্য প্ৰয়াত অৰ্থনীতিবিদ মুকুল মহন্তৰ এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছিল মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত। স্মৃতিচাৰণ সভাখনত অংশগ্ৰহণ কৰি অনুপ চেতিয়াই নিজৰ এই বক্তব্যখিনি দাঙি ধৰিছিল।