‘অসম গণ পৰিষদকে ধৰি অসমৰ যিমানবোৰ জাতীয় সংগঠন আছে, সেই সকলো সংগঠনে একমুখে ৰাজেন গোহাঁইয়ে সাংসদ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী কৰা উচিত’। আজি এক সংবাদ মেলযোগে এই দাবী উত্থাপন কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।
উল্লেখযোগ্য যে কালি নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি চলি থকাৰ সময়তে নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত হিন্দু নাগৰিকত্বৰ সপক্ষে মত পোষণ কৰিছিল। তাকে লৈ সম্প্ৰতি কংগ্ৰেছকে ধৰি ৰাজ্যৰ সকলো বিৰোধী দল-সংগঠনৰ নেতৃবৃন্দ জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে।
ৰাজেন গোঁহাইৰ এই মতৰ বিৰোধীতা কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে ৰাজেন গোহাঁয়ে সংবিধানবিৰোধী ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। হিন্দু বাংলাদেশীসকলৰ ভোট লৈ বিজেপি দল বিজয়ী হোৱা বুলি ৰাজেন গোহাঁইয়ে কৰা মন্তব্যৰ অৰ্থ প্ৰকৃততে কি? ইয়াৰ অৰ্থ ভোটাৰ তালিকাত এতিয়াও বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে বুলি শইকীয়াই সদৰী কৰে।
আনহাতে নেহেৰুবালিৰ সভাতে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজেন গোহাঁইয়ে ৰাজহুৱাভাৱে অপমান কৰা কাৰ্য্যত দলপতিগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে ৰাজেই গোহাঁইক ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খুজিবৰ বাবে তেওঁ দাবী জনায়।
তাৎপৰ্য্যপূৰ্ণ কথা এয়ে যে ৰাজেন গোহাঁইয়ে বিদেশীৰ ভোট লৈ মন্ত্ৰী হোৱা বুলি উল্লেখ কৰি শইকীয়াই কয় ‘সেই কথাৰ আলম লৈয়ে তেওঁ সাংসদ পদৰ পৰা পদত্যাগ কৰা উচিত। গতিকে ৰাইজেও এই কথা দাবী কৰা উচিত।‘
আনহাতে সাংসদ সুস্মিতা দেৱে কৰা মন্তব্য সন্দৰ্ভত বিৰোধী দলপতিগৰাকী সম্পূৰ্ণ অজ্ঞাত বুলি উল্লেখ কৰি শইকীয়াই কয় যে ইতিমধ্যে তেওঁলোকে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিত অংশগ্ৰহণ কৰি তেওঁলোকৰ স্থিতি প্ৰকাশ কৰিছে।
বৰাকৰ সাংসদ সুস্মিতা দেৱৰ মন্তব্য সম্পূৰ্ণ ব্যক্তিগত বুলি শইকীয়াই কয় যে এই মন্তব্য যে দলে গ্ৰহণ কৰিবই লাগিব তেনে কোনো কথা নাই।