‘অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত তিনিটা এজেঞ্চী জড়িত হৈ আছে। সেইকেইটা হ’ল কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা। আছু যিহেতু সংগ্ৰামী সত্তা সেয়েহে তেওঁলোকে এইক্ষেত্ৰত সবল ভূমিকা লওক’।
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ৰাজধানী ৰিজেঞ্চীত এক সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক শক্তিশালী স্থিতি গ্ৰহণ কৰাৰো আহ্বান জনায়।
সংবাদমেলত মহন্তই যোৱা ৭ মে’ত অসম আন্দোলনকাৰী কেইবাগৰাকীও সতীৰ্থসহ যুটীয়া সংসদীয় সমিতিক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি দিয়া স্মাৰক-পত্ৰ আৰু মতামতৰ কথাও উল্লেখ কৰে।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে নাগৰিকত্ব আইন সংশোধনীৰ তীব্ৰ বিৰোধিতা কৰি কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত এই বিধেয়কখন অনা হৈছিল যদিও তেতিয়াৰ অসম গণ পৰিষদৰ সাংসদ কুমাৰ দীপক দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদনত কৰা সবল প্ৰতিবাদৰ বাবে এই প্ৰক্ৰিয়া বন্ধ হৈছিল। কিন্তু এতিয়া বিজেপি চৰকাৰে এই বিধেয়খন পুনৰ উত্থাপন কৰিব বিচাৰিছে।
ইয়াৰ উপৰি তেওঁ নাগৰিকত্ব কেতিয়াও ধৰ্ম বা ভাষাৰ ভিত্তিত হ’ব নোৱাৰিব বুলিও মত প্ৰকাশ কৰি কয় যে ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। ভাৰতৰ সংবিধান উলংঘা হ’ব পৰা এই বিধেয়কক তেওঁ কেতিয়াও সমৰ্থন নকৰে। তেওঁ লগতে কয় ‘অসম এখন সৰু ৰাজ্য, গতিকে অসমে বিদেশীৰ অতিৰিক্ত বোজা বহন কৰিব নোৱাৰে। ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনীৰ যি ব্যৱস্থা কৰিব বিচাৰিছে ই নিন্দনীয়’।
উল্লেখযোগ্য যে এই সংবাদমেলতেই প্ৰফুল্ল কুমাৰ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মেঘালয় কেবিনেটে লোৱা সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বধীন চৰকাৰকখনক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অৰুণাচল বা নাগালেণ্ডৰ অসুবিধা নহ’ব পাৰে, কাৰণ তেওঁলোকৰ ‘ইনাৰ লাইন পাৰ্মিট’ৰ ব্যৱস্থা আছে। কিন্তু অসম বা মেঘালয়ত ইয়ে সমস্যাৰ সৃষ্টি কৰিব।
সংবাদমেলত মহন্তই লগতে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘একাংশ লোকে তথা সংবাদমাধ্যমে মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ গইনা লৈ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলাই থকা বুলি কৈছে। কিন্তু সেয়া সম্পূৰ্ণ ভিত্তিহীন। অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী হিচাপে চুক্তিখন উলংঘা হ’ব পৰা যিকোনো কথাৰ মই বিৰোধিতা কৰি যাম’।