NORTHEAST NOW (Assamese)

অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব : ড০ পৰমানন্দ ৰাজবংশী

April 30, 2018 7:49 am · এন ই নাও নিউজ

জাতীয় স্বাৰ্থ বিঘ্নিত হোৱা কাম অসম সাহিত্য সভাই কেতিয়াও নকৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সাহিত্য সভাই কৰি আহিছে আৰু কৰি যাব। এই সন্দৰ্ভত আমি আৰু ৰাজ্য চৰকাৰক লিখিত আকাৰে জনাইছোঁ। আশা কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰীজনো যিহেতু জাতীয় জীৱনৰ পৰাই আহিছে, গতিকে অসমৰ ক্ষতি হোৱা কাম নিশ্চয় নহ’ব। ইয়াৰ ব্যতিক্ৰম হ’লে আমি কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম। দেওবাৰে তেজপুৰত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

শোণিতপুৰত জ্যোতি ভাৰতীয় আয়োজন কৰা এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি সভাপতি  ড০ পৰমানন্দ ৰাজবংশীয়ে আৰু কয়, ‘’অসম চৰকাৰে চৰকাৰী কাৰ্যালায়ত অসমীয়া ভাষাৰ প্ৰয়োগ নিশ্চিত কৰিব লাগে। এই কাম অৱশ্যে কেইগৰাকীমান জিলাৰ উপায়ুক্তই কৰিছে। কিন্তু বাকী জিলাৰ উপায়ুক্তসকলে এই ক্ষেত্ৰত কোনোধৰণৰ ভূমিকা  গ্ৰহণ কৰা নাই। এই কাৰ্যত যে তেওঁলোকৰ সদিচ্ছা নাই সেই কথা প্ৰতিপন্ন হৈছে।‘’

লেখিকা বকুল ৰয়ে অনুবাদ কৰা ‘কামৰূপ, কমতা, কোচবেহাৰ ৰাজ্যৰ ইতিহাস’ নামৰ গ্ৰন্থখন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে উন্মোচন কৰে।

জিলা সভাপতি ডিমচাঁদ বৰদলৈয়ে সভাপতিত্ব কৰা আৰু জিলা সম্পাদক মৃদুল চহৰীয়াই আঁত ধৰা সভাত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে বিশিষ্ট পুৰাতত্ত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য  ক্ৰমে যাদৱ শৰ্মা, সঞ্জয় তাঁতী, হিৰণ্য হাজৰিকা, বিপুল কুমাৰ নাথ, নৃপেন দাস, অসম সাহিত্য সভাৰ কুঁহিৰ উপ-সভাপতি স্বপ্নালী বৰগোহাঁই, প্ৰচাৰ কোষৰ আহ্বায়ক প্ৰফুল্ল বৰ্মনে।

উল্লেখ্যযোগ্য যে সভাত গ্ৰন্থখনৰ মূল লেখক বিশিষ্ট ইতিহাসবিদ আৰু সংস্কৃত পণ্ডিত ধৰ্মনাৰায়ণ বৰ্মা উপস্থিত থাকে।

আনহাতে, সভাত সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সন্মতি সাপেক্ষে সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে তেজপুৰৰ পংকজ বৰুৱা আৰু বিশ্বজিৎ বড়োৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

Related News