অহা ফেব্ৰুৱাৰিত পঞ্চায়ত নিৰ্বাচন

অহা ১৫ ফেব্ৰুৱাৰিৰ ভিতৰত অসমৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি কালি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইচ্চ এন বৰাই জানিবলৈ দিয়ে। দুটা পৰ্য্যায়ত সম্পন্ন হ’ব লগীয়া এই নিৰ্বাচনৰ বাবে ইতিপূৰ্বে ৰাজ্যিক নিৰ্বাচন আয়োগৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আয়োগে তাৰ বাবে চূড়ান্ত ভোটাৰ তালিকা সাজু কৰি তোলাৰ লগতে নিৰাপত্তা কৰ্মী, নিৰ্বাচনৰ কামত নিয়োজিত হ’ব লগীয়া বিষয়া-কৰ্মী আদি সম্পৰ্কতো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা হোৱাৰ কথা অৱগত কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ এই ঘোষণা ৰাজ্যৰ ৰাজনৈতিক দল বিলাকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। কিয়নো এতিয়া ৰাজ্যৰ ৰাজনৈতিক জগতখন বিভিন্ন প্ৰসংগ তথা জ্বলন্ত সমস্যাৰ দ্বাৰা আলোড়িত হৈ আছে। বিশেষকৈ নাগালিম, এন আৰ চি ৰ প্ৰসংগ আৰু বিভিন্ন ঠাইত চলি থকা উচ্ছেদ অভিযানবোৰে সাধাৰণ ৰাইজক ভিন্ন দৃষ্টিকোণেৰে এইবোৰত আলোকপাত কৰিবলৈ বাধ্য কৰিছে। আনহাতে নতুনকৈ শাসনলৈ অহা বিজেপিৰ বাবেও এই নিৰ্বাচন হ’ব অগ্নিপৰীক্ষাস্বৰূপ। কাৰণ তেওঁলোকে শাসনলৈ অহাৰ পিছত যোৱা দুটা উপ-নিৰ্বাচনত (লখিমপুৰ লোকসভা আৰু ধেমাজি বিধানসভা) জয় লাভ কৰাৰ লগতে কাৰ্বি পাহাৰৰ নিৰ্বাচনতো জয়ী হৈছে যদিও জনতা এতিয়াও তেওঁলোকৰ প্ৰতি কিমান আস্থাশীল হৈ আছে পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰমাণ পোৱা যাব। আনহাতে চৰকাৰৰ অংশীদাৰ হৈ থকা অগপ দলৰ বাবেও এই নিৰ্বাচন হ’ব সমানে গুৰুত্বপূৰ্ণ। অগপই ইতিমধ্যে অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা কৈ আছে। অকলে পঞ্চায়ত নিৰ্বাচন খেলিলে তেওঁলোকেৰ বাবে ই হ’ব এচিড টেষ্টৰ দৰে। কিয়নো বিজেপি আৰু অগপই যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰ বাহিনীটো জয়ী হোৱাৰ ক্ষেত্ৰত নিজৰ নিজৰ দলৰ গণভিত্তিৰ ভূমিকাহে অধিক বুলি দাবী কৰি আহিছে। কিন্তু অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা মুখেৰে কৈ থাকিলেও মূৰকত হয়তো অগপই সেয়া কৰাৰ পৰা বিৰত থাকিব বা তেওঁলোকক কেনেবাকৈ হ’লেও বিজেপিৰ নেতৃত্বৰ দ্বাৰা মেনেজ কৰা হ’ব পাৰে। এনে অনুমানৰ মূলতে হ’ল যোৱা দুটা উপ নিৰ্বাচনত অগপৰ স্থিতিৰ পৰিৱৰ্তন। দুয়োটা উপ নিৰ্বাচনতে অগপই নিজাকৈ প্ৰাৰ্থী দিয়াৰ কথ কৈও শেষ মুহূৰ্তত সেয়া প্ৰত্যাহাৰ কৰিছিল। আনহাতে দুটা বছৰৰ আগলৈকে ৰাজ্যৰ শাসনত থকা কংগ্ৰেছৰ বাবেও এই নিৰ্বাচনৰ গুৰুত্ব কম নহয়। যদিও কংগ্ৰেছে বৰ বেছি কিবা কৰিব পাৰিব যেন নালাগে, এই নিৰ্বাচনে কংগ্ৰেছৰ বাবে এটা কথাই পৰিষ্কাৰ কৰিব, সেয়া হ’ল শেহতীয়াকৈ দেখা পোৱা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে ৰাজ্যৰ জনতাক পুনৰ কংগ্ৰেছমুখী কৰিছে নেকি? অন্য ধৰণে কংগ্ৰেছৰ কোনো সাংগঠনিক সক্ৰিয়তা বা জনতাৰ মাজলৈ পুনৰ আস্থা বিচাৰি যোৱাৰ কোনো লক্ষণ দেখা নাযায়। গতিকে কংগ্ৰেছে যদি কিছু সফলতা পায়, সেয়া হ’ব সাম্প্ৰতিক চৰকাৰখনৰ প্ৰতি মানুহৰ মোহভংগৰ প্ৰতিফলন।