NORTHEAST NOW (Assamese)

অৰুণাচলৰ বিশ্ববিদ্যালয়ৰ ‘ভুৱা চাৰ্টিফিকেট’ সম্পৰ্কত স্থিতি স্পষ্ট কৰিলে আৰক্ষী মহা পৰিদৰ্শক আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

December 13, 2017 8:04 am · এন ই নাও নিউজ

অৰুণাচলত থকা হিমালয়ান ইউনিভাৰ্ছিটি আৰু অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্ট হৈছে। যোৱা ৮ ডিচেম্বৰত দিল্লী আৰক্ষীয়ে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা সম্পৰ্কত ৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত উক্ত বিশ্ববিদ্যালয় দুখনৰ নামো সাঙোৰ খাই পৰাত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল চিন্তিত হৈ পৰা দেখা গৈছে।

বিষয়টো সম্পৰ্কত স্থিতি স্পষ্ট কৰি দিল্লী আৰক্ষীৰ মহাপৰিদৰ্শক ৰবীন হিবুই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ১৫ খন বিশ্ববিদ্যালয়ৰ ভুৱা প্ৰমানপত্ৰ প্ৰদান কৰা চক্ৰৰ ৬ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মানুহৰ মাজত এটা ভুল ধাৰণা হৈছে যে বিশ্ববিদ্যালয়সমূহেই ভুৱা। কিন্তু আৰক্ষীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ যথাযোগ্যতাৰ তদন্ত কৰাৰ কৰ্তৃত্ব নাই। মহা পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে যে শিক্ষানুষ্ঠান কৰ্তৃপক্ষ আৰু ভুৱা প্ৰমানপত্ৰ দিয়া চক্ৰটোৰ মাজত কিবা সম্পৰ্ক আছে নেকি সেইটো আৰক্ষীয়ে অনুসন্ধান কৰি আছে।

ইয়াৰ মাজতে ইটানগৰত থকা হিমালয়ান ইউনিভাৰ্ছিটি আৰু অৰণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ ফালৰ পৰা বিশ্ববিদ্যালয় দুখনৰ স্থিতি স্পষ্ট কৰা হৈছে।

হিমালয়ান ইউনিভাৰ্ছিটিৰ ফালৰ পৰা জনোৱা মতে বিশ্ববিদ্যালয়খনৰ ইউ জি চিৰ স্বীকৃতি থকাৰ উপৰি বাৰ কাউন্সিল অফ ইণ্ডিয়া, অল ইণ্ডিয়া কাউন্সিল ফৰ্ টেকনিকেল এডুকেশ্বন, দ্য ৰিহেৱিলেশ্বন কাউন্সিল অফ্ ইণ্ডিয়া আৰু অৰুণাচল প্ৰদেশ গেজেটৰ অনুমোদন আছে।

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত সৃষ্টি হোৱা আশংকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি কোৱা হৈছে যে বিশ্ববিদ্যালয়খনৰ থাকিবলগীয়া অনুমোদন তথা স্বীকৃতি সকলোবোৰ আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত।

অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ উপাচাৰ্য প্ৰফেচৰ ভি কে কাৱাট্ৰাই জনাইছে যে স্বীকৃতি তথা অনুমোদন সম্পৰ্কীয় সকলো তথ্য প্ৰতিষ্ঠানটোৰ ৱেবছাইটত আপডেট কৰা হৈছে আৰু যিকোনো লোকেই বিশ্ববিদ্যালয়খনৰ বিষয়ে জানিবলৈ ইয়াত বিচাৰি চাব পাৰে। তেওঁ লগতে কয় যে অৰুণাচল ইউনিভাৰ্ছিটি আৰু অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছৰ মাজত পাৰ্থক্য আছে। অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছ হৈছে এখন নতুন বিশ্ববিদ্যালয় আৰু ই যোৱা ৫ বছৰত বহুত ভাল পাৰদৰ্শিতা আগবঢ়াইছে।

বৰ্তমান অৰুণাচল ইউনিভাৰ্ছিটি অফ্ ষ্টাডিছত প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰী থকাৰ বিপৰীতে হিমালয়ান ইউনিভাৰ্ছিটিত প্ৰায় ৩০০০ ছাত্ৰ-ছাত্ৰী আছে।

দেশৰ প্ৰায় হেজাৰ ছাত্ৰ-ছাত্ৰীক ভুৱা মাৰ্কশ্বিট আৰু চাৰ্টিফকেট দিয়াৰ অভিযোগত যোৱা ৮ ডিচেম্বৰত দিল্লী আৰক্ষীয়ে ৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল।

Related News