অৰুণাচল চৰকাৰৰ দ্বাৰা বিবাদমান অঞ্চলত পৰ্যটক গৃহ নিৰ্মাণ সন্দৰ্ভত পিপ’লচ পাৰ্টী অব অৰুণাচলৰ প্ৰতিক্ৰিয়া

পিপ’লচ পাৰ্টী অব অৰুণাচলে দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে মন্তব্য কৰিছে যে যোৱা শুক্ৰবাৰে অসম চৰকাৰে দলোং মুখ চাৰ্কলত ভাঙি পেলোৱা পৰ্যটক নিবাসটো ভাৰতীয় বায়ু সেনাৰ বোমা পৰীক্ষাৰ কৰা ঠাইত জোৰ কৰি বনোৱা হৈছিল।

পাৰ্টীটোৱে কয় ‘স্থানীয় ৰাইজৰ লগত আলোচনা কৰোতে এই বিস্ফোৰক তথ্য প্ৰকাশ পায়।‘

লক্ষীমপুৰ প্ৰশাসনে উক্ত পৰ্যটক গৃহটো ভাঙি পেলোৱাৰ খবৰ ওলোৱাৰ পিছতে দলৰ সদস্য সকলে উক্ত স্থান পৰিদৰ্শন কৰে।

‘এয়া অসম-অৰুণাচলৰ মাজৰ সীমা বিবাদৰ বিষয় নহয়, বৰঞ্চ পৰ্যটক গৃহটো ভাৰতীয় বায়ু সেনাৰ এক্তিয়াৰৰ ভিতৰত পৰা এলেকাত নিৰ্মাণ কৰা ফলত সৃষ্টি হোৱা বিষয়।’ বুলি দলটোৱ কয়।

কিয় উক্ত নিবাসটো বোমা পৰীক্ষা কৰা এলেকাত নিৰ্মাণ কৰা হৈছিল সেই বিষয়ে চৰকাৰৰ পৰা জানিব খুজি তেওঁলোকে কয় ‘কি কাৰণত বোমা পৰীক্ষা কৰা এলেকাত ৫ কোটি টকা খৰচ কৰি পৰ্যটক গৃহ নিৰ্মাণৰ অনুমতি দিয়া হৈছিল। সেই সম্পৰ্কে এক পুংখানুপুংখ তদন্ত হোৱা উচিত।’

ৰাজ্যৰ পৰ্যটক বিভাগৰ তত্বাবধানতে এই গৃহ সমূহ নিৰ্মাণ কৰা হৈছিল বুলি দাবী কৰি তেওঁলোকে লগতে কয় ‘স্থানীয় লোকসকলে উক্ত গৃহক দলুংমুখ জলবিদ্যুৎ প্ৰকল্পৰ ওচৰত নিৰ্মাণৰ উপদেশ দিয়াৰ স্বত্তেও ইয়াক জোৰ কৰি উক্ত বিৰ্তকিত অঞ্চলত নিৰ্মাণ কৰা হয়।’

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু উক্ত বিষয় সন্দৰ্ভত অৱগত নোহোৱাটোত আশ্বৰ্য প্ৰকাশ কৰি তেওংলোকে সমগ্ৰ বিষয়টোতে মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী আৰু পৰ্যটক সচিবৰ পৰা এক স্পষ্টীকৰণ দাবী কৰে।