NORTHEAST NOW (Assamese)

আইজলত ৯ কোটিতকৈ অধিক মূল্যৰ চোৰাং সোণ জব্দ

April 22, 2018 8:04 pm · এন ই নাও নিউজ
আইজলত শুল্ক বিভাগে জব্দ কৰা সোণৰ ফটো

কালি আবেলি আইজলত শুল্ক বিভাগৰ বিয়যাই এখন বাহনৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং সোণ জব্দ কৰে। জব্দ কৰা সোণখিনিৰ মূল্য ৯ কোটি টকাতকৈ অধিক হ’ব বুলি জানিব পৰা গৈছে।

এই সংক্ৰান্তত জনৈক হুৱালজিডিঙা (৫৫) নামৰ মিজোৰামৰ চামফাই জিলাৰ এজন লোকক আটক কৰা হৈছে।

শুক্ল বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি উদ্ধাৰ হোৱা সোণখিনি আইজলৰ পৰা ১০০ কি মি নিলগৰ ছেৰচিপ নগৰৰ পৰা আহি থকা এম জেদ-০১ কে ৮২০৩ নম্বৰৰ এখন বলেৰ’ গাড়ীৰ পৰা জব্দ কৰা হয়।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত আইজলস্থিত শুল্ক বিভাগে অভিযান চলাই আইজলৰ দাঁতিকাষৰীয়া মুৱালুংঠু জিৰো পইণ্টৰ পৰা উক্ত চোৰাং সোণখিনি জব্দ কৰে বুলি আইজলস্থিত শুল্ক বিভাগৰ উপায়ুক্ত জে’মছ গাইটে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বিগত কিছু দিনত মিজোৰামত আৰক্ষী আৰু শুল্ক বিভাগে কেইবাঠাইটো চোৰাংভাৱে অনা সোণ জব্দ কৰিছে। এক সূত্ৰই জনোৱা মতে বিমুদ্ৰাকৰণৰ পিছৰে পৰা ভাৰতত ম্যানমাৰৰ পৰা অহা সোণৰ চাহিদা বহুত বৃদ্ধি পাইছে।

কালি উদ্ধাৰ হোৱা উক্ত চোৰাং সোণখিনিৰ প্ৰকৃত উৎসৰ সন্ধানত অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি গাইটে সদৰী কৰে।

Related News