মাত্ৰ কেইঘণ্টামানৰ আগতে তেওঁ এখন মেচ খেলিছিল। তাৰ পাছত হঠাৎ মৃত্যুৰ কোলাত ঢলি পৰে মিজোৰামৰ তাৰকা ক্ৰিকেটাৰ কে লালৰেমৰুৱাটা। তেওঁ নিজৰ ৰাজ্যিক দলৰ হৈ ৰঞ্জী ট্ৰফী খেলিছিল। চৈয়দ মুস্তাক আলী ট্ৰফীতো তেওঁ প্ৰতিনিধিত্ব কৰিছিল। মাত্ৰ ৩৮ বছৰ বয়সতে তেওঁৰ জীৱনৰ অৱসান ঘটিল।
জানিব পৰা মতে, বৃহস্পতিবাৰে আইজলত লালৰেমৰুৱাটাই এখন খেলত খেলি আছিল। খেলৰ সময়ত তেওঁ হঠাতে ঢলি পৰিল। পিছত বুজা গ’ল যে তেওঁৰ হাৰ্ট এটেক হৈছে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। লালৰেমৰুৱাটাই কেইঘণ্টামানৰ ভিতৰতে শেষ নিশ্বাস ত্যাগ কৰে।
তেওঁৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে মিজোৰাম ক্ৰিকেট মহলত। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি মিজোৰাম ক্ৰিকেট সন্থাই এক বিবৃতি প্ৰকাশ কৰে।
দীৰ্ঘদিন ধৰি মিজোৰাম ক্ৰিকেটৰ সৈতে জড়িত লালৰেমৰুৱাটা। তেওঁ দুবাৰকৈ ৰাজ্যিক দলৰ হৈ ৰঞ্জী ট্ৰফী খেলিছে। তেওঁ ৭ বাৰ চৈয়দ মুস্তাক আলী ট্ৰফীত অংশ লৈছিল। স্থানীয় ক্লাবৰ সৈতেও তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। নিজে খেলাৰ উপৰিও লালৰেমৰুৱাটাই ভৱিষ্যতৰ বাবে প্ৰতিভাৱান ক্ৰিকেটাৰক আগবঢ়াই নিয়াত সক্ৰিয় ভূমিকা পালন কৰিছিল।
জীৱনৰ শেষ দিনটোলৈকে খালেদ মেম’ৰিয়েল দ্বিতীয় বিভাগৰ স্ক্ৰীনিং টুৰ্ণামেণ্টত খেলিছিল। ভেঙানুই ৰেইডাৰ্ছ ক্লাবৰ হৈ অন্তিমখন খেল খেলিছিল।
উল্লেখ্য যে শেহতীয়াভাৱে খেল খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু হোৱা ক্ৰিকেটাৰৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দুমাহমান পূৰ্বে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত অন্তিমটো বলত জয়লাভ কৰি খেলপথাৰতে ঢলি পৰিছিল আহমেৰ খান নামৰ এজন বলাৰ। খেলপথাৰতে তেওঁৰ মৃত্যু হয়।
যোৱা জুলাই মাহতো পঞ্জাৱৰ হৰজিৎ সিঙে বিশাল ছয় মাৰি হঠাতে হাৰ্ট এটেকত আক্ৰান্ত হৈছিল। খেলপথাৰত তেওঁ ঢলি পৰিছিল। এইবাৰ সেই দুৰ্ভগীয়া ক্ৰিকেটাৰসকলৰ তালিকাত লালৰেমৰুৱাটাৰ নামো সংযোজন হ’ল।





