‘আছু কি?’, প্ৰশ্ন আৰ এচ এচ-ৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ নেতাৰ; নাগৰিকত্ব বিধেয়কলৈ সমৰ্থন

30-05-18 Guwahati- Muslim Rashtriya Manch

‘আছু কি, আছুৱে অসমক প্ৰতিনিধিত্ব কৰিব নেকি? অসমত ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ আছে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যি চৰকাৰ আছে সি অসমক প্ৰতিনিধিত্ব কৰিব’। বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কৰ সমৰ্থনত আজি ৩০ মে’ত গুৱাহাটীত এই মন্তব্য কৰিছে আৰ এচ এচ ( RSS )ৰ মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় মিডিয়া দায়িত্বধাৰী য়াচিৰ জিলানি নামৰ এজন নেতাই।

চৰকাৰক সমালোচনা কৰি অহা দল-সংগঠনসমূহক ‘উগ্ৰবাদী শক্তি (fringe element)’ বুলি অভিহিত কৰি জালানিয়ে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰক ‘প্ৰশ্ন নকৰি’ ‘আগবঢ়াই নিবলৈ’ সাংবাদিকক ‘আহ্বান’ জনায়।

সোণোৱাল চৰকাৰৰ নাম ইতিহাসৰ পাতত ‘সোণৰ আখৰেৰে লিখা থাকিব’ বুলি মন্তব্য কৰি তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মজবুত নেতৃত্বত’ কেন্দ্ৰত বিজেপিৰ চৰকাৰ চলি থকা বুলি দাবী কৰে।

নাগৰিকত্ব বিধেয়ক আৰু এন আৰ চি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত তেওঁ ওলোটাই সাংবাদিকক ‘আপোনালোকক যি এই প্ৰশ্নবোৰ সুধিবলৈ কৈছে তেওঁলোকৰ হৈ মোক প্ৰশ্ন নুসুধিব’ বুলি মন্তব্য কৰে।

‘অসমত শান্তিৰ পৰিৱেশ বিৰাজমান হৈ থকা’ বুলি দাবী কৰি জালানিয়ে ‘চৰকাৰক আপুনি কিয় প্ৰত্যাহ্বান জনাইছে’ বুলি ‘আম আদমি পাৰ্টিৰ নেতা অখিল গগৈক কিয় আপোনালোকে প্ৰশ্ন নকৰে?’ বুলি সাংবাদিকক ওলোটাই প্ৰশ্ন কৰে।

নাগৰিকত্ব বিধেয়কে অসম চুক্তি উলংঘা নকৰে বুলিহে মন্তব্য কৰে। আনহাতে বিজেপি দল আৰু চৰকাৰৰ মন্তব্যকে দোহাৰি আৰ এচ এচৰ সংগঠনটোৰ নেতাজনে কয় যে এন আৰ চি আৰু নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত তেওঁলোকে ৩০ জুনৰ পিছতহে মুখ খুলিব।

বিজেপিৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্যত ‘মজবুত চৰকাৰ’ চলি আছে বুলি দাবী কৰি মুছলিম মঞ্চৰ নেতাজনে কয় যে সৰ্বানন্দ সোণোৱালৰ সুন্দৰ নেতৃত্বত সুন্দৰভাৱে অসম চৰকাৰ চলি আছে।

গুৱাহাটীৰ আৱৰ্ত ভৱনত আয়োজিত সংবাদমেলখনত অসমৰ ৰাইজক ‘সজাগ’ কৰিবলৈ অহা  নেতাজনে শেহতীয়াকৈ হাইলাকান্দি আৰু শিলচৰৰ ভ্ৰমণ কৰি অহা বুলি সদৰী কৰি ইয়াৰ পিছত হোজাই ভ্ৰমণ কৰিব বুলি অৱগত কৰে।