• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি লামডিঙলৈ যাব জুবিন : ডাঙৰ মন্ত্ৰী আহিলে কৰাৰ দৰে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে লামডিং প্ৰশাসনে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 7:58 pm
Zubeen

ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমান ধৰি ২০ মে’ত লামডিঙৰ বিহু মঞ্চত জুবিনে পৰিৱেশন কৰিব লগীয়া সংগীতানুষ্ঠানক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল যদিও আজি জনপ্ৰিয় শিল্পীগৰাকী লামডিঙলৈ যোৱাটো নিশ্চিত কৰিছে শিল্পীগৰাকীয়ে। জুবিনক কেন্দ্ৰ কৰি দুষ্কৃতিকাৰী বা কোনো দুষ্টচক্ৰই যাতে অঞ্চলটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসনে অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।

ডাঙৰ মন্ত্ৰী আহিলে কৰাৰ দৰে এই নিৰাপত্তা ব্যৱস্থাত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱানক অন্তৰ্ভুক্ত কৰা হৈছে। এটা বিশেষ সূত্ৰৰ তথ্য মতে লামডিঙৰ এই অনুষ্ঠানটোৰ বাবে আজি প্ৰায় ৭০০ আৰক্ষী আৰু অৰ্ধ-সামৰিক জোৱানক নিয়োগ কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে কেইদিন মানৰ পূৰ্বে Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক লামডিঙৰ বিহু উৎসৱলৈ নাযাবলৈ সকীয়নি দিয়া হৈছিল। লগতে তেওঁৰ অনুষ্ঠান বৰ্জন কৰিবলৈ আহ্বানো জনোৱা হৈছিল।

এই সকীয়নিৰ অন্তৰালত জুবিনে যোৱা কেইবা খনো বিহুমঞ্চত তথা ছ’চিয়েল মিডিয়াৰ যোগেদিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি অহাটোৱেই কাৰণ বুলি বিভিন্নজনে ক’ব খোজে।

আনহাতে জুবিনক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল হোজাইৰ বিধায়ক শিলাদিত্য দেবেও। তেওঁ জুবিনক ৰাজনৈতিক মন্তব্য কৰাৰ পৰা বিৰত থাকি কেৱল গান গাই যাবলৈ আহ্বান জনাইছিল।

মন কৰিব লগীয়া যে লামডিং হিন্দু বাঙালীসকলৰ প্ৰাধান্য থকা অঞ্চল। হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খুজি কেন্দ্ৰীয় চৰকাৰে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সমগ্ৰ অসমীয়া মানুহৰ লগতে জুবিনে স্পষ্ট বিৰোধিতা কৰাত, স্বাভাৱিকতে খৰ্গহস্ত হৈ পৰিছিল কিছু সংখ্যক হিন্দু বাঙালী লোক।

কিন্তু সকলো হিন্দু বাঙালী লোকৰ পৰিৱৰ্তে এটা অংশহে তথা এটা দুষ্ট চক্ৰহে জুবিনৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত জড়িত বুলি কোৱাৰ লগতে জুবিন গাৰ্গৰ সমৰ্থনত লামডিঙৰ নাগৰিক সমাজে ১৫ মে’ত এখন নাগৰিক সভা পাতিছিল।

সভাখনত জুবিনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাসকলক গৰিহণা দিয়াৰ লগতে কোনো কাৰণতে জুবিনক অপমান কৰিবলৈ দিয়া নহয় আৰু জুবিনে অনুষ্ঠান পৰিৱেশন কৰিবই বুলি দাবী কৰিছিল।

আজি লামডিং আৰক্ষীৰ এটা সূত্ৰই কয় যে যিকোনো ধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

উল্লেখযোগ্য যে আজি কেইবা বছৰ পূৰ্বেও আলফাই জুবিনক ভাবুকি দিয়াৰ পিছতে তদানীন্তন অসম চৰকাৰে শিল্পীজনক ব্যক্তিগত নিৰাপত্তাৰক্ষী দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd