আজি গুৱাহাটীস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘ছায়েন্স অন এ স্ফেয়াৰ’ নামৰ এক বিশেষ যন্ত্ৰ উদ্বোধন কৰে।
এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বিজ্ঞানক অধিক জনপ্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
তেওঁ কয়, ‘কেৱল বিজ্ঞান মনস্ক চিন্তা-ধাৰাৰ জৰিয়তেহে সামাজিক পৰিবৰ্তন সম্ভব।তদুপৰি, বিজ্ঞান অবিহনে দ্ৰুত বিকাশ সম্ভব নহয়।ছাত্ৰ-ছাত্ৰী সকলে নিজৰ সবল ব্যক্তিত্ব নিৰ্মাণ, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিলে বিজ্ঞান জগতৰ মাজেৰে আগবাঢ়িব লাগিব।‘
অনুষ্ঠানটোত তেওঁ অসমৰ যুৱ প্ৰজন্মক বিজ্ঞানক অধিক আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান কয়।
উল্লেখযোগ্য যে আজি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত স্থাপন কৰা ‘ছায়েন্স অন এ স্ফেয়াৰ’ নামৰ অত্যাধুনিক যন্ত্ৰটো উত্তৰ-পূবৰ ভিতৰতে প্ৰথম এনেধৰনৰ যন্ত্ৰ।
নতুন যন্ত্ৰটোক উদ্ধোধন কৰি মুখ্য মন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক উক্ত যন্ত্ৰটোৰ জৰিয়তে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে সবিশেষ জ্ঞান আয়ত্ব কৰি এক অনুসন্ধিৎসু মনোভাৱেৰে জীৱনৰ বাটত আগুৱাই যাবলৈ আহ্বান জনায়।
আজিৰ উক্ত অনুষ্ঠানটোত তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, তথ্য আৰু প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ভি এছ ভাস্কৰৰ উপতি বহু গণ্য-মান্য লোক উপস্থিত আছিল।