ডিমাপুৰৰ প্ৰগতিশীল কৃষক তথা উদ্যান শস্য বিশেষজ্ঞ মেজৰ হৰবংশ কে শৰ্মাই (অৱসৰপ্ৰাপ্ত) তেওঁৰ কৃষি পামত ২০০তকৈয়ো অধিক আপেল গছৰ পুলি ৰোপন কৰিছে।
বিশ্বৰ আটাইতকৈ অধিক উৎপাদিত ফল আপেল ভাৰতত প্ৰধানকৈ উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ পাহাৰাঞ্চলৰ দৰে শীতল জলবায়ুৰ স্থানত উৎপাদন হয়।
কিন্তু সেয়া অতীত হ’বলৈ আগবাঢ়িছে। এতিয়া নতুন প্ৰজাতিৰ এবিধ আপেল নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ পাহাৰতলীৰ দৰে গৰম জলবায়ুতো উৎপাদন হ’ব।
কেইবা বছৰৰো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ পিছত মেজৰ হৰবংশ কে শৰ্মাই হিমাচল প্ৰদেশৰ পৰা আনি ২০১০ চনত কেইটামান আপেলৰ পুলি ৰোপন কৰিছিল। দুবছৰ পিছত কিছুমান গছত আপেলৰ ফল লাগিবলৈ ধৰে।
শৰ্মাই এখন নাৰ্ছাৰী স্থাপন কৰিছে য’ৰ পৰা মানুহে আন্না আৰু ড’ৰছেট নামৰ নতুন প্ৰজাতিৰ আপেলৰ পুলি ক্ৰয় কৰিব পাৰে। পৰম্পৰাগত প্ৰজাতিৰ তুলনাত এই প্ৰজাতিক গজি উঠিবলৈ কম সময়ৰ প্ৰয়োজন হয়।
পৰম্পৰাগত প্ৰজাতি গ্ৰীষ্ম অঞ্চলৰ বাবে উপযোগী নহয় কিন্তু আন্না আৰু ড’ৰছেট গ্ৰীষ্ম অল্চলৰ বাবেও উপযোগী।
শৰ্মাৰ মতে আপেলৰ এই নতুন প্ৰজাতিৰ একক বৈশিষ্ট্যটো হৈছে যে ই জুনৰ প্ৰায় ১০ তাৰিখ মানত আমবোৰ পকিবলৈ আৰম্ভ কৰাৰ সময়তে পকিবলৈ আৰম্ভ কৰে আৰু অতি উচ্চ দৰত বিক্ৰী হয়। কিয়নো এই সময়ছোৱাত আন প্ৰজাতিৰ আপেল সুলভ নহয়। ইয়াৰ লগতে এই বিশেষ আপেল বিধ ৰসাল হোৱাৰ বাবে ৰস , সুৰা আদি প্ৰস্তুত কৰাৰ বাবে উপযোগী।
তেওঁ পামখন আৰম্ভ কৰাৰ পৰা বিগত ৭-৮ বছৰৰ সময়ছোৱাত উদ্যান শস্য বিশেষজ্ঞৰ বহুতো বিশেষজ্ঞ, ফলৰ খেতিয়ক আৰু বিভাগীয় বিষয়াই এই আপেল বাগানখন পৰিদৰ্শন কৰিছে।
শৰ্মাই লগতে আম, নেমু, লিচু, কমলা, মধুৰী আম, প্লামকে ধৰি বিভিন্ন ফলৰ পুলি আপডাল কৰে আৰু সেইবোৰ বিক্ৰী কৰে।
যিসকলে এই পুলিবোৰ পৰিদৰ্শন কৰিবলৈ বা ক্ৰয় কৰিবলৈ আগ্ৰহী তেওঁলোকে অসমৰ কাৰ্বি আংলঙৰ খটখটিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ইতিবেন নাৰ্ছাৰীলৈ আহিব পাৰে। ফেচবুকতো আপুনি সেয়া বিচাৰি পাব পাৰে।