• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমাৰ মাতৃভাষা জীয়াই থাকিবনে নাই সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব : ভাষাবিদ টাবু টাইড

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 21, 2018 8:40 pm
IMLD_3

প্ৰেছ ক্লাবত 'আমাৰ অসম অনন্য'ৰ দ্বাৰা অনুষ্ঠিত বিশ্ব মাতৃভাষা দিৱসৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আমাৰ মাতৃভাষা জীয়াই থাকিব নে নাই সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব।” এই গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰিছে ৰাজ্যখনৰ এজন ভাষাবিদ টাবুৰাম টাইডে।

আজি মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত ‘আমাৰ অনন্য অসম’ৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মাতৃভাষা দিৱসত ভাষণ প্ৰদান কৰি ভাষাবিদজনে এইদৰে কয়।

Apply Now

এই সন্দৰ্ভত তেওঁ বাখ্যা আগবঢ়াই কয়, “যেতিয়ালৈকে মাতৃভাষাৰ চৰ্চা সঠিক ৰূপত চলি থাকিব তেতিয়ালৈকে আমাৰ মাতৃভাষা থাকিব। পূৰ্বতে ভাষাৰ সংৰক্ষণৰ তথা বাণীবন্ধনৰ ব্যৱস্থা নাছিল।

তদুপৰি তেওঁ গাঁৱলীয়া প্ৰেক্ষাপটত মাতৃভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত মন্তব্য কৰি কয়, ‘এখন গাঁৱৰ বয়োজ্যেষ্ঠসকলে শুদ্ধ ৰূপত মাতৃভাষাটো কয়। আনহাতে যুৱ প্ৰজন্মৰ লোকসকলে একেবাৰই মাতৃভাষাৰ প্ৰয়োগ নকৰে। সেই ৰূপত গতি কৰিলে নিশ্চয় এদিন নিজ নিজ জাতিৰ মাতৃভাষা শেষ হৈ যাব।”

তদুপৰি তেওঁ মাতৃভাষা সমূহ লিখিত ৰূপৰ ব্যৱস্থা কৰিলে এইবোৰ জীয়াই থাকিব বুলি মন্তব্য কৰে।

লগতে তেওঁ মিচিং ভাষাত ‘শ্ব’ (sh) ধ্বনিৰ ব্যৱহাৰ নাই বুলি মন্তব্য কৰে। এই সন্দৰ্ভত তেওঁ কয় যে এজন ব্ৰিটিছ লেখকে এই ‘শ্ব’ ধ্বনিটো ব্যৱহাৰ কৰি Mishing বুলি লিখি থৈ গৈছিল। তাকে ভিত্তি কৰি কোনোধৰণৰ ক্ষেত্ৰ অধ্যয়ন নকৰাকৈ কিছু সংখ্যকে মিচিং শব্দটো কওঁতে ‘শ্ব’ ধ্বনিটো উচ্চাৰণ কৰি থাকে। পিছলৈ Central Institute Of Indian Language এ ক্ষেত্ৰ অধ্যয়ন কৰি Mising Grammar ত মিচিং শব্দটো Mising বুলি লিখিছিল। আচল অৰ্থত মিৰি সকলেই নিজকে মিচিং বুলি পৰিচয় দিব বিচাৰে।

আনহাতে আজিৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ একেখন সভাৰে বক্তৃতানুষ্ঠানত ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা ভাষাবিদ ড০ উপেন ৰাভা হাকাচামে কয়, “জনসংখ্যাত সীমিত জাতিৰ মাতৃভাষাৰ প্ৰতি বৰ্তমান সময়ত অহা প্ৰত্যাহ্বান অতি প্ৰাসংগিক হৈ পৰিছে।”

এই সন্দৰ্ভত তেওঁ কয়, “ৰাভা, মিচিং জাতিৰ মাতৃভাষাসমূহৰ দেহৰ কিছুমান অংগ দুৰ্বল হৈ পৰা দেখিবলৈ পোৱা গৈছে। আমিবোৰে দিনে দিনে মৃত্যুৰ ফালে ঢাপলি মেলিছো। আন্দামান নিকোবৰত যেনেকৈ এটা মাতৃভাষা হেৰাই গৈছে ঠিক তেনেকৈ অসমৰ তাই নৰা আৰু তাই ৰং ভাষা দুটা হেৰাই গৈছে। পূৰ্বতেও জনসংখ্যা কম হোৱাৰ বাবে তাইখাম ভাষাটো হেৰাই গৈছে।

এই মৃত্যুমুখী ভাষাসমূহক জীয়াই তুলিব পৰাকৈ কাৰ্য্যকৰী ব্যৱস্থা ল’ব লাগিব বুলি সদৰী কৰি তেওঁ ‘আমাৰ অনন্য অসম’ নামৰ প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰোপৰি তেওঁ অসমীয়া আৰু বাঙালী সম্প্ৰদায়ৰ লোকসকলৰ সংঘাতটো একেবাৰে থুনুকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই প্ৰসংগত তেওঁ কয় “ৰাজবংশী ভাষাটোৰ উত্থান হ’লেই অসমীয়া সাহিত্য আৰু বঙালী সাহিত্যৰ ইতিহাস সলনি হৈ যাব। ইয়াৰোপৰি গোৱালপাৰীয়া ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত পূৰ্বতে গুৰুত্ব প্ৰদান কৰাহেঁতেন তেতিয়াৰ পৰা অসমীয়া-বঙালী সংঘাত নাথাকিলহেঁতেন। বৰ্তমান সেই সংঘাত নাই যদিও কেতিয়াবা সহিষ্ণুতাৰ অভাৱৰ বাবে সৰু-সুৰা সংঘাত হয়।

তদুপৰি তেওঁ বৰ্তমানৰ কিছুসংখ্যক গীতে ভাষা-সংস্কৃতিলৈ বেয়া সংকেত কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। দুটা ভাষাৰ মিশ্ৰণৰ গীতসমূহে কিছু ক্ষেত্ৰত শুনিবলৈ ভাল লগা হ’লেও অন্য কিছুমান গীতত ভাষাৰ জ্ঞান নথকাকৈ কিছু শব্দ ব্যৱহাৰ কৰাটোৱে ভাষাৰ ক্ষেত্ৰখনত বেয়া প্ৰভাব পেলাইছে বুলি তেওঁ উল্লেখ কৰে।

সভাখনত উপস্থিত থকা শান্তনু ৰয় চৌধুৰীয়ে বাঙালী ভাষাৰ সংৰক্ষণ আৰু ভাষা সমন্বয় ক্ষেত্ৰত ভাষণ প্ৰদান কৰে।

আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে সভাখনত জ্যেষ্ঠ সাংবাদিক পি. পি. সিং আৰু নৱপ্ৰজন্মৰ অভিনেত্ৰী সঞ্জিতা তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সম্বৰ্ধনা গ্ৰহণ কৰি পি. পি. সিঙে এই সৰু গৃহটোত আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন কৰাৰ বাবে দুখ প্ৰকাশ কৰি অহা বছৰৰ পৰা ৰাজহুৱাভাৱে তথা ডাঙৰকৈ উদযাপন কৰিবৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd