NORTHEAST NOW (Assamese)

আমেৰিকাৰ ভিছা নোপোৱা বাবে প্ৰশিক্ষণৰ পৰা বঞ্চিত লাভলিনা সহ ২০ ভাৰতীয় বক্সাৰ

May 2, 2018 8:11 am · এন ই নাও নিউজ
লাভলিনা বৰগোহাঁই : ফাইল ফটো।

আসন্ন এছিয়ান গেইমছ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতিত ব্যাঘাত জন্মিল অসমৰ লাভলিনা বৰগোহাঁই, মণিপুৰৰ এল সৰিতা দেৱীসহ দেশৰ ২০ গৰাকী প্ৰতিভাবান বক্সাৰৰ।

এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শনৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাইকেল জনছন একাডেমি আৰু টেক্সাছৰ হাই পাৰফৰমেঞ্চ চেণ্টাৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ কথা আছিল কমনৱেল্থ গেইমছত অংশগ্ৰহণকাৰী ভাৰতীয় বক্সিং দলটো।

কিন্তু যুক্তৰাষ্ট্ৰৰ দূতাবাসে সৰিতা, লাভলিনা আৰু পুৰুষ বক্সাৰ অমিত ফংগালৰ ভিছা প্ৰত্যাখ্যান কৰাৰ বাবে দলটোৱে প্ৰশিক্ষণৰ কাৰ্যসূচী বাতিল কৰে।

তিনিওজন বক্সাৰৰ উপযুক্ত নথিপত্ৰ যোগান ধৰিব নোৱাৰাৰ বাবেই যুক্তৰাষ্ট্ৰই ভিছা নিদিলে বুলি ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ এক সূত্ৰই জানিবলৈ দিয়ে। বক্সাৰ কেইগৰাকীৰ নিজৰ নিজৰ ৰাজ্যৰ সংগঠকৰ নে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ অদূৰদৰ্শিতাৰ বাবে এনে কাৰ্য সংঘটিত হ’ব পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে প্ৰশিক্ষণৰ বাবে যুক্তৰাষ্ট্ৰলৈ যাবলগীয়া ভ্ৰমণ বাতিল হোৱাৰ বাবে এতিয়া বক্সিং ফেডাৰেশ্যনে বিকল্প দেশ হিচাপে ফ্ৰান্স আৰু ছাৰ্বিয়াৰ কথা চিন্তা-চৰ্চা চলোৱা বুলি জানিব পৰা গৈছে।

Related News