তিনি বছৰ পূৰ্বে অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক প্ৰয়াত প্ৰণৱ নাৰায়ণ সিংহৰ মৃত্যু হোৱা দিনটোতে (১ মে’) সাংবাদিকজনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নে প্ৰতি বছৰেই এক মে’ৰ দিনটো বিশেষ ধৰণে উদ্যাপন কৰি আহিছে। সেই উদ্দেশ্যে উক্ত দিনটোত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগ বঢ়োৱা বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে। যোৱা বছৰৰ পৰা সাংবাদিকজনৰ নামত প্ৰণৱ সিংহ স্মাৰক সাংবাদিক বঁটা প্ৰদান কৰি আহিছে।
কিন্তু প্ৰয়াত সাংবাদিকজনৰ প্ৰতি শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ এই শ্ৰদ্ধাঞ্জলিক নতুন মাত্ৰা দি শোণিতপুৰ জিলা প্ৰশাসনে প্ৰতিবছৰে তেওঁৰ ওপজা দিন ১৫ আগষ্টত ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকক নগদ ধনেৰে স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ এই সিদ্ধান্তত স্বাভাৱিকতে উৎসাহিত হৈছে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়ন। লগতে সাংবাদিকজনৰ অনুৰাগীসকলো উৎফুল্ল হৈছে।
জানিব পৰামতে, ১ মে’ত শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নৰ প্ৰাংগণত অনুষ্ঠিত সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ কাৰ্যসূচীত জিলা প্ৰশাসনে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে।
সাংবাদিকজনৰ চতুৰ্থ মৃত্যু দিৱসৰ অনুষ্ঠানটো তেজপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰাণজিৎ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হৈছিল। ইয়াত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰৰ উপায়ুক্ত মনোজ কুমাৰ ডেকাই প্ৰণৱ সিংহ এগৰাকী নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক আছিল বুলি মন্তব্য কৰে।
আনহাতে, এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱা। সঞ্চালক বৰুৱাই প্ৰণৱ সিংহৰ সান্নিধ্যৰ কথা সুঁৱৰি তেওঁৰ জীৱনাদৰ্শ স্মৃতিচাৰণ কৰে আৰু যিখন মহাজাতি কাকতৰ লগত সাংবাদিকজন জড়িত আছিল, সেই কাকতখন পুনৰ প্ৰকাশ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰিবলৈ তেজপুৰৰ সুধীমণ্ডলীক আহ্বান জনায়। কাৰ্য্যসূচীটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিল লেখক ঐশ্বৰ্য কাকতী। উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী সংগীতা কাকতী।
অনুষ্ঠানটোতে দীৰ্ঘদিন ধৰি লোকশিল্পৰ সাধনাত ব্যস্ত থকা তথা দিব্যাংগসকলৰ কল্যাণৰ অৰ্থে নিজৰ সমস্ত সময় অতিবাহিত কৰা বিশিষ্ট সাহিত্যিক প্ৰবীণ গগৈক শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনাৰ লগতে, প্ৰণৱ সিংহৰ সান্নিধ্যত সাংবাদিকতাৰ পাঠ শিকা তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাক ২০১৮ বৰ্ষৰ বাবে প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰিছে শোণিতপুৰ জাৰ্নেলিষ্ট য়ুনিয়নে।