আলফা-সেনাৰ সংৰ্ঘষ : খৈৰাবাৰীত এতিয়াও সন্ত্ৰস্ত গঞা

আলফা (স্বাধীন) ৰ শীৰ্ষ নেতা ৰাজেন ডেকাৰ সেনাৰে হোৱা সংঘৰ্ষত মৃত্যু হোৱাৰ দুদিন পাৰ হৈ যোৱাৰ পিছতো খৈৰাবাৰী অঞ্চলৰ সাধাৰণ ৰাইজ শংকাত আছে।  প্ৰায় তিনি ঘন্টা ধৰি চলা সেই নিশাৰ সংঘৰ্ষৰ গুলীৰ শব্দৰ ভয়ানক স্মৃতিয়ে  এতিয়াও গাওঁবাসীক সন্ত্ৰস্ত কৰি ৰাখিছে।

সংঘৰ্ষ সংঘটিত হোৱাৰ আগেয়ে আলফাৰ ২৭ নং বেটেলিয়নৰ স্বয়ম্ভু কমাণ্ডেন্ট ৰাজেন ডেকাক আশ্ৰয় দিয়া কোষেশ্বৰ ডেকাৰ পৰিয়ালটোৱে এতিয়া তীব্ৰ আতংকত সময় কটাইছে। ধান কাটি চপোৱাৰ এই গুৰুত্বপূৰ্ণ সময়ত গাওঁৱাসীয়ে আকৌ সংঘৰ্ষৰ ভয়ত নিদ্ৰাহীন নিশা কটাবলগীয়া হৈছে।

নিষিদ্ধ সংগঠনৰ সদস্যক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ভৰত ডেকা নামৰ লোকজনক এতিয়াও সুৰক্ষা বাহিনীয়ে মুকলি কৰি দিয়া নাই।

গাওঁৰ একাংশ লোকে সুৰক্ষা বাহিনীৰ বিৰুদ্ধে সংগঠনটোৱে শীৰ্ষ নেতাগৰাকীৰ হত্যাৰ প্ৰতিশোধ ল’বৰ বাবে আকৌ অঞ্চলটোত সমবেত হোৱাৰ ভয়ত সন্ত্ৰস্ত হৈ আছে। তেওঁলোকে ভাৱে যে আৰক্ষীক খবৰ দিয়াৰ সন্দেহত অথবা চোৰাংচোৱা হিচাপে কাম কৰাৰ সন্দেহত বিদ্ৰোহী সংগঠনটোৱে গাওঁবাসীৰ ওপৰতো আক্ৰমণ চলাব পাৰে।

কিছু লোকে সন্দেহ কৰে যে সংঘৰ্ষৰ সময়ত পলাই যাবলৈ সক্ষম হোৱা ৰাজেন ডেকাৰ সহযোগীসকলে ওচৰৰে ক’ৰবাত লুকাই আছে। আনহাতে সুৰক্ষা বাহিনীৰ লোকে অঞ্চলটোত অৱস্থান কৰি লোকসকলৰ গতিবিধি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে।