জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বিশেষ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰিছে।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এই দুই দেহৰক্ষীৰ বিৰুদ্ধে আয় বৰ্হিভূত সম্পত্তি সংক্ৰান্তত এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ তদন্তৰ সময়ত তদন্তকাৰী আৰক্ষীয়ে আৱশ্যকীয় নীতি-নিয়ম উলংঘা কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।
আৰক্ষীৰ এই ডাঙৰ ক্ৰুটিৰ বাবেই আদালতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদন গ্ৰহণ কৰে।
বিশেষ আদালতে জামিন মঞ্জুৰ কৰাৰ পাছতো কিন্তু দুই দেহৰক্ষীয়ে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব। কাৰণ জুবিন গাৰ্গৰ হত্যাৰ গোচৰতো এই দুজন দেহৰক্ষী অভিযুক্ত হৈ আছে।
হত্যাৰ গোচৰৰ আইনী প্ৰক্ৰিয়া অব্যাহত থকাৰ বাবে জামিন পোৱাৰ পাছতো তেওঁলোক কাৰাগাৰতেই কাৰাৰুদ্ধ হৈ থাকিব লাগিব।





