• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰম্ভই নহ’ল ভৰলুৰ খনন : এইবাৰো কৃত্ৰিম বানত ডুবাৰ শংকা অনিল নগৰ-নবীন নগৰবাসীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 10, 2018 7:43 pm
Bharalu

এটা সাধাৰণ নলাত পৰিণত হোৱা ভৰলু নদীৰ একাংশ। ফটো : কল্পজ্যোতি শইকীয়া।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বানপানীয়ে বিখ্যাত কৰা মহানগৰীৰ ভিতৰৰে দুখন নগৰৰ কথা। কৃত্ৰিম বানপানীৰ বাবেই সকলোৱে নাম শুনা এই নগৰ দুখন হ’ল অনিল নগৰ আৰু নবীন নগৰ। বাৰিষাৰ সময়ছোৱাত গুৱাহাটীত হোৱা সামান্য এজাক বৰষুণেই এই দুখন ঠাইৰ বাসিন্দাসকলক আতংকিত কৰি তোলে। বাৰিষাৰ বৰষুণে গোটেই মহানগৰীলৈকে কৃত্ৰিম বান নমাই আনে যদিও এই দুখন নগৰৰ বাসিন্দাই সৰ্বাধিক ভুক্তভোগী হৈ আহিছে দীৰ্ঘদিনৰ পৰা।

প্ৰতি বছৰেই এই দুখন ঠাইৰ বাসিন্দাসকলে কৃত্ৰিম বানৰ সমাধানৰ বাবে চৰকাৰৰ মুখলৈ চাই থাকে যদিও সেয়া হৈ নুঠে। খৰালিৰ দিনবোৰত কাৰ্য্যতঃ নিষ্ক্ৰিয় হৈ থাকি বাৰিষা ইটো-সিটো সমাধান দি পাল মাৰি আহিছে গুৱাহাটীৰ প্ৰশাসন।

Apply Now

এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব যেন পাইছে এই দুখন নগৰৰ বাসিন্দাসকলে। কাৰণ এই পৰ্যন্ত গুৱাহাটী পৌৰ নিগম অথবা গুৱাহাটী উন্নয়ন বিভাগ- এটাকো এই বিষয়টোক লৈ সক্ৰিয় হোৱা দেখা নাই বাসিন্দাসকলে।

কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনিল নগৰ-নবীন নগৰবাসীয়ে বহু প্ৰতিবাদ কৰিলে যদিও কেৱল যেন আশ্বাসতেই ৰৈ গৈছে পৌৰ নিগমৰ দ্বায়িত্ব।

আজি এন ই নাওৰ সন্মুখত অনিল নগৰ-নবীন নগৰবাসীয়ে কৰা অভিযোগ অনুসৰি কৃত্ৰিম বানপানীৰ সময়ত বহুতো নেতা-পালিনেতা আহি তেওঁলোকক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে যদিও প্ৰতিবছৰে তেওঁলোকে বাৰিষাৰ এজাক বৰষুণতেই কৃত্ৰিম বানপানীত জীয়াতু ভুগিব লগীয়া হয়।

তেওঁলোকে কয় কৃত্ৰিম বানপানী ৰোধ কৰাৰ বাবে বহুতো আঁচনি ঘোষণা কৰা হ’ল, লগতে বহুতো নেতাই ইয়াক নিৰ্বাচনী ইছ্যু হিচাপে লৈ শাসনৰ গাদী দখল কৰিলে যদিও বৰ্তমানলৈকে নলা-নৰ্দমাৰ জাবৰৰ দ’মখিনিকে আঁতৰাবলৈ সক্ষম নহ’ল গুৱাহাটী পৌৰনিগম।  কৃত্ৰিম বানপানী যেন হৈ পৰিছে অনিল নগৰবাসীৰ বাবে এক সমাধানহীন সমস্যা।

অনিল নগৰৰ নিবাসী তথা অনিল নগৰৰ কৃত্ৰিম বানপানীৰ ৰোধৰ বাবে দীৰ্ঘদিন মাত মাতি অহা প্ৰশান্ত বৰ্মন নামৰ এজন ব্যক্তিয়ে নৰ্থ-ইষ্ট নাওক কয় ‘’কৃত্ৰিম বানপানীৰ বিষয়টো আমাৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয়। আমি প্ৰশাসন তথা গুৱাহাটী পৌৰ নিগমক বাৰম্বাৰ এই বিষয়টো অৱগত কৰি আহিছো যদিও আমাৰ কথাত গুৰুত্ব নিদিয়ে, আমাৰ সমস্যাৰ প্ৰতি ভ্ৰুক্ষেপ নাই। সময় থাকোতেই এই সমস্যা সমাধান কৰিব লাগিছিল।

তাৰোপৰি ভুক্তভোগী ব্যক্তিজনে ক্ষোভ প্ৰকাশ কৰি কয়, ‘’এতিয়া জোঁৰ পুৰি হাত পালেহি। ২০১৬ চনত ৭ মাৰ্চৰ দিনা আৰু ২০১৭ চনত ৩ এপ্ৰিলৰ দিনা বানপানী হৈছিল। এইবছৰো তেওঁলোকে মাৰ্চ মাহ পৰ্যন্ত ভৰলু নদী খনন নকৰিলে। গতিকে এইবছৰো অনিল-নবীন নগৰকে ধৰি সমগ্ৰ জু-ৰ’ড তিনিআলি অঞ্চলটো বানপানীৰ কবলত পৰাটো নিশ্চিত।‘’

তেওঁ লগতে কয়, ‘’আমি জনাত মহানগৰ উন্নয়ন বিভাগৰ হাতত যথেষ্ট ধন মজুত আছে। যিহেতু বৰ্তমানলৈকে তেওঁলোকে ডি পি আৰেই প্ৰস্তুত কৰা নাই গতিকে অহা ৩১ মাৰ্চৰ ভিতৰত কৃত্ৰিম বানপানীৰ নামত আবণ্টিত ধনৰাশি ঘূৰি যোৱাটো নিশ্চিত। আমি শুনিবলৈ পাইছো এপ্ৰিলত ভৰলু খননৰ কাম আৰম্ভ কৰিব। এই কথা বৰষুণ যোৱাৰ পিছত জাপি আৰু চোৰ যোৱাৰ পিছত বুদ্ধিৰ সৈতে তুলনা কৰিব পাৰি।‘’

তদুপৰি তেওঁ পৌৰনিগম তথা চৰকাৰৰ এই হেমাহিক চাঙত তুলি তলত ধোঁৱা দিয়া বুলি মন্তব্য কৰি কয়, ‘’স্মাৰ্ট চিটি নিৰ্মাণ আৰু এডভাণ্টেইজ আছামৰ নামত ৰাস্তা-পদূলি সজাই তুলিছে। কিন্তু তেওঁলোকে কৃত্ৰিম বানপানীৰ সমস্যাটো সমস্যা কৰিয়েই ৰাখিলে। এনে পৰিস্থিতিত স্মাৰ্ট চিটি নিৰ্মাণ কৰাটো অযুক্তিকৰ কথা।‘’

আনহাতে তেওঁ কয় ‘’১৯৯৬ চনৰ পৰাই আমি কৃত্ৰিম বানপানীৰ সমস্যাত ভুগি আহিছো। লগতে গেলা জাবৰ-জোঁথৰৰ এই কদৰ্য্যময় পৰিৱেশত বাস কৰি আহিছো। ১০-১৫ বছৰ ধৰি কৃত্ৰিম বানপানী সমস্যা প্ৰতিৰোধ কৰিবৰ বাবে মাত মাতি আহিছো।‘’

গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া সন্দৰ্ভত তেওঁ কয়, ‘’তেখেতক আমি যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সঠিক সমাধান কৰিব বুলি ভাবিয়েই ভোটদান কৰি জয়যুক্ত কৰিছিলো। কিন্তু তেঁৱো ইয়াৰ সঠিক সমাধান কৰিব নোৱাৰিলে। ভৰলু এতিয়া নদী হৈ থকা নাই , ই এতিয়া নলাত পৰিণত হৈছে। গতিকে আমি মেয়ৰ মৃগেন শৰণীয়াক অনুৰোধ জনাইছো যাতে তেওঁ বৈজ্ঞানিক পদ্ধতিৰে ভৰলুত জমা হৈ থকা জাবৰ-জোঁথৰ নিষ্কাশন কৰক, অন্যথা আমি সমগ্ৰ গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ কবলৰ পৰা পৰিত্ৰাণ নাপাম।‘’

লক্ষণীয় যে জু-তিনিআলিস্থিত জোনালী এলেকাত ভৰলুত জমা হৈ থকা জাবৰখিনিৰ বাবে এজাক বৰষুণ দিলেই পানী বাগৰি সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰে।

মন কৰিব লগীয়া যে সেই অঞ্চলতে বহুতো বিদ্যালয় আছে, যিবিলাকত কৃত্ৰিম বানপানীৰ সময়ত পাঠদান বন্ধ কৰিব লগীয়া হয় বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।

জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমে বিভিন্ন সময়ত আঁচনি ৰূপায়ণ কৰোঁতে হাজাৰ হাজাৰ কোটি টকা ভৰলু খনন তথা মহানগৰীৰ জাবৰ নিষ্কাশনৰ নামত ধাৰ্য্য কৰে যদিও সেয়া ফোটোকাৰ ফেনত পৰিণত হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am
শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd