অহা ৭ জুনত নাগপুৰত হ’ব লগীয়া আৰ এছ এছৰ সমাৱেশত উপস্থিত নাথাকিবলৈ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ কুমাৰ মুখাৰ্জীক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। প্ৰাক্তন ৰাষ্ট্ৰপতিজনলৈ লিখা এখন পত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নেতাজনক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছে।
পত্ৰখনত বৰাই কয় যে যিহেতু তেওঁ এজন নিষ্ঠাৱান প্ৰাক্তন কংগ্ৰেছী নেতা, গতিকে মহাত্মা গান্ধীক হত্যা কৰা নাথুৰাম গডছেৰ সৈতে সম্পৰ্ক থকা সংগঠনটোৰ সমাৱেশত উপস্থিত থাকি ইয়াৰ কেডাৰ সকলক সম্বোধন কৰাৰ কথাটো পুনৰ বিবেচনা কৰা উচিত।
“যিহেতু আপুনি গোটেই জীৱনজুৰি কংগ্ৰেছৰ মহান আদৰ্শ ধৰ্মনিৰপেক্ষতাৰ হকে যুঁজ দি আহিছে, এতিয়া কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষতা আদৰ্শৰ সম্পূৰ্ণ বিপৰীত এটা সংগঠনৰ সমাৱেশত উপস্থিত থকাটো আচৰিত কথা হ’ব। কেৱল সেয়ে নহয়, আপুনি এইটো সম্পৰ্কে অৱগত যে ধৰ্ম নিৰপেক্ষতা আদৰ্শৰ সৈতে সংঘাত থকা বাবেই আৰ এছ এছৰ সদস্য নাথুৰাম গডছেই জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল।” –বৰাই চিঠিখনত এইদৰে লিখে।
চিঠিখনত পুনৰ কোৱা হৈছে, “যদিও আপুনি বৰ্তমান দেশৰ এজন উচ্চ মৰ্য্যাদাসম্পন্ন অৰাজনৈতিক ব্যক্তি, তৎসত্ত্বেও দেশৰ সকলোৱে আপোনাক এজন নিষ্ঠাৱান কংগ্ৰেছ নেতা বুলি জানে। আপুনি সেইসকল মুষ্টিমেয় কংগ্ৰেছ নেতাৰ মাজৰ অন্যতম, যিসকলে জৰুৰী অৱস্থাৰ পৰৱৰ্তী কালত কংগ্ৰেছৰ আটাইতকৈ দুৰ্যোগৰ সময়ছোৱাত মূল স্তম্ভৰ দৰে থিয় হৈ আছিল। ১৯৭৫-ৰ জৰুৰী অৱস্থাৰ পিছত কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাত আপোনাৰ সেৱা, উৎসৰ্গা আৰু আত্মবলিদানৰ কথা কংগ্ৰেছে চিৰদিন মনত ৰাখিব।”
আনহাতে নাগপুৰ ভ্ৰমণ কিয় বাতিল কৰা উচিত সেই সম্পৰ্কত তিনিটা যুক্তি দিয়ে ৰিপুণ বৰাই। “আপুনি এনেকুৱা এটা সংগঠনৰ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, যিটো সংগঠনে কেতিয়াও ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱা নাছিল। এইটো এনেকুৱা সংগঠন, যিয়ে ভাৰতৰ বৈচিত্ৰ্যক আওকাণ কৰি এখন ৰাষ্ট্ৰ, এটা ধৰ্মৰ ধাৰণাৰ প্ৰসাৰ ঘটাই আছে। যাৰ জৰিয়তে ভাৰতৰ বিভিন্ন জাতি, বৰ্ণ, সম্প্ৰদায়ৰ মাজত ঘৃণা, অবিশ্বাস আৰু বিভাজনৰ সৃষ্টি কৰিছে। আৰু এইটো সংগঠনেই সামাজিক আৰু ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধিৰ বাবে দায়ী। আৰু লগতে যোৱা চাৰি বছৰত কেন্দ্ৰত মোদীৰ নেতৃত্বত বিজেপিৰ অপশাসনৰ জৰিয়তে ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিৰ আঁৰতো ইয়ে।”
বৰাই লগতে কয় যে ভাৰতৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত আৰ এছ এছৰ এই সভাত তেওঁৰ অংশগ্ৰহণৰ সুদূৰপ্ৰসাৰী নেতিবাচক প্ৰভাৱ থাকি যাব।