বিদেশৰ পৰা অহা পৰ্য্যটকৰ পৰা টকা কাঢ়ি লৈ ৰাজ্যখনক লাজত পেলোৱা দুজন দুস্কৃতিকাৰীক আজি মহানগৰৰ দিচপুৰ আৰক্ষীয়ে আটক কৰে। লগতে ধৃত যুৱককেইজনৰ পৰা আৰক্ষীয়ে পৰ্য্যটকজনৰ টকাকেইটা উদ্ধাৰ কৰে।
দিচপুৰ আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱামতে, ইজৰাইলৰ পৰা মাজুলী ভ্ৰমণৰ বাবে অহা কোহেন নীৰ(২৭) নামৰ এজন যুবকৰ পৰা এখন ট্ৰেকাৰৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনে ভাবুকি দি তেওঁৰ হাতত থকা টকা-পইচা কাঢ়ি লৈছিল।
মাজুলীলৈ যাবলৈ কোহেনে যোৱা বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈ নুনমাটিৰ ৰিফেইনেৰিৰ সমীপৰ এজন বন্ধুৰ ঘৰত নিশাটো কটাইছিল। পিছদিনা অৰ্থাৎ শুকুৰবাৰে যুৱকজন নিশা ৮ বজাত মাজুলী অভিমুখে যাবলৈ নুনমাটিৰ পৰা এখন ট্ৰেকাৰেৰে খানাপাৰালৈ আহিছিল। কিন্তু এ এছ ০১ ই চি ৫৩৩৬ নম্বৰৰ ট্ৰেকাৰখনৰ ড্ৰাইভাৰ-হেণ্ডিমেনে খানাপাৰাত উপস্থিত হোৱাৰ সময়তে যুবকজনক ভাবুকি দি তেওঁৰ মানিবেগটো কাঢ়ি লৈ যায়। তেতিয়া নিশা প্ৰায় ৯ মান বাজিছিল। ফলত যুৱকজন সেইদিনা মাজুলীলৈ ৰাওনা হ’ব নোৱাৰিলে।
ইজৰাইলী যুৱকজনে ট্ৰেকাৰখনৰ নম্বৰটো মনত ৰাখি শনিবাৰে পুৱা দিচপুৰ আৰক্ষী থানাত গোচৰ দিয়ে। আৰক্ষীয়েও যুবকজনৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত এটা গোচৰ (১১৫৪/১৮) ৰুজু কৰি তৎপৰতাৰে দুষ্কৃতিকাৰীক ধৰিবলৈ অভিযান চলায়।
যুবকজনে দিয়া গাডীৰ নম্বৰৰ সন্ধান উলিয়াই দিচপুৰ আৰক্ষীয়ে ট্ৰেকাৰখনৰ চালক বুমন শইকীয়া (১৮) আৰু হেণ্ডিমেন দীপাংকৰ শালৈক নাৰেংগীৰ দীপাংকৰৰ শহুৰেকৰ ঘৰৰ পৰা শনিবাৰে ৰাতিয়ে আটক কৰে।
লগতে যুৱকজনৰ মানিবেগটো উদ্ধাৰ কৰিবলৈও আৰক্ষী সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ মানিবেগত ১০০ য়ুৰ’ৰ দুখন নোট আৰু ১০০ য়ু এছ ডলাৰৰ দুখন নোটৰ লগতে ১৪০০০ ভাৰতীয় টকা আৰু তিনিখন এ টি এম কাৰ্ড আছিল।