ইটানগৰত তিনিদিনীয়াকৈ আৰম্ভ হ’ল অৰুণাচল ফিল্ম ফেষ্টিভেল

AFF

যোৱা বৃহস্পতিবাৰৰ পৰা ইটানগৰৰ দৰ্জে খাণ্ডু ৰাজ্যিক সভা কেন্দ্ৰত আৰম্ভ হৈছে অৰুণাচল ফিল্ম ফেষ্টিভেল।

অৰুণাচল ফিল্ম ফেষ্টিভেল চমুকৈ এএফএফৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ তথ্য- জনসংযোগ বিভাগৰ দ্ধাৰা অনুষ্ঠিত এই ফিল্ম ফেষ্টিভেলখনৰ অহা শনিবাৰে অন্ত পৰিব।

উল্লেখযোগ্য যে এই ফিল্ম ফেষ্টিভেলখনত উত্তৰ- পূবৰ কেইবাখনো চুটি ছবি, তথ্যচিত্ৰ আৰু ফিচাৰ ফিল্ম প্ৰদৰ্শিত হৈছে।

ফিল্ম ফেষ্টিভেলৰ লগত সংগতি ৰাখি এখন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। য’ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত চলচ্চিত্ৰ সমূহক ক্ৰমে এক লাখ, ৭৫,০০০, ৫০,০০০ টকাকৈ আৰ্থিক পুৰস্কাৰ দিয়া হ’ব ফিল্ম ফেষ্টিভেলখনৰ সামৰণিৰ দিনা।

আনহাতে ফিচাৰ আৰু তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰা চলচ্চিত্ৰক ক্ৰমে ২ আৰু ১ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

উল্লেখ্য যে ফিল্ম ফেষ্টিভেলৰ প্ৰথমদিনা অসমৰ ৰূপক গগৈৰ দ্বাৰা পৰিচালিত ‘গেংছ অৱ নৰ্থইষ্ট’ শীৰ্ষক চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।

এই ফিল্ম ফেষ্টিভেলৰ লগতে সংগতি ৰাখি কেইবাখনো আলোচনা চক্ৰ তথা অভিনয়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ইয়াৰ জৰিয়তে নৱ প্ৰজন্মই চলচ্চিত্ৰ মাধ্যমটোৰ প্ৰতি আকৰ্ষিত হ’ব বুলি আশা প্ৰকাশ কৰিছে অনুষ্ঠানটোৰ আয়োজক সকলে।