• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ইতিহাস সৃষ্টি নেপাল ক্ৰিকেট দলৰ : পাপুৱা নিউ গিনিক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া দলৰ মৰ্য্যাদা অৰ্জন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 11:34 am
Nepal-cricket-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিম্বাবোৱে’ত চলি থকা আই চি চি বিশ্বকাপ কোৱালিফায়াৰত পাপুৱা নিউ গিনিক পৰাস্ত কৰি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া দলৰ মৰ্য্যাদা অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয় নেপাল ক্ৰিকেট দল।

উল্লেখযোগ্য যে নেপালে পাপুৱা নিউ গিনিক পৰাজিত কৰিবলৈ সক্ষম হ’লেও আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিবলৈ ভৰসা কৰিব লগা হয় নেডাৰলেণ্ড আৰু হংকঙৰ মাজত অনুষ্ঠিত হোৱা খেলখনৰ ওপৰত। মেচখনত নেডাৰলেণ্ডে হংকঙক ৪৪ ৰানত পৰাস্ত কৰাৰ লগে লগে সুৰক্ষিত হয় নেপালৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াৰ মৰ্যাদা।

Apply Now

জিম্বাবোৱে’ৰ পুৰণি হাৰাৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত নেপালে ২৭.২ অভাৰতে প্ৰতিদ্বন্দ্বী পাপুৱা নিউ গিনিক মাত্ৰ ১১৪ ৰানতে অল আউট কৰে। নেপালৰ হৈ স্পীনাৰদ্বয় সন্দীপ লামিছানে আৰু দীপেন্দ্ৰ আয়ৰীয়ে চাৰিটাকৈ উইকেট দখল কৰে।

অলৰাউণ্ডাৰ দীপেন্দ্ৰ আয়ৰীৰ উজ্জ্বীৱিত প্ৰদৰ্শনৰ সহায়ত নেপাল দৰ্শনীয় বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। মেচখনত আয়ৰীয়ে চাৰিটা উইকেট লাভ কৰাৰ উপৰি আকৰ্ষণীয় ৫০ ৰানৰ এক ইনিংছো উপহাৰ দিয়ে।

ইয়াৰ উপৰি ১৭ বছৰীয়া লামীছানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নেপালৰ হৈ পুনৰ এবাৰ উচ্চস্তৰীয় প্ৰদৰ্শন দাঙি ধৰে। মেচখনত লামীছানে ২৯ ৰান খৰচ কৰি দখল কৰে চাৰিটা উইকেট। তেওঁ প্ৰতিযোগিতাখনত মুঠ ১১ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

পি এন জিৰ বিপক্ষে অতি সহজ বিজয় সাব্যস্ত কৰি নেপালে আগন্তুক চাৰি বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া আৰু ক্ৰিকেটৰ চমু সংস্কৰণ টি টুৱেণ্টিত নিজৰ মৰ্যাদা অৰ্জন কৰে।

ইয়াৰ উপৰি টেষ্ট ক্ৰিকেট নেখেলা আন্তঃৰাষ্ট্ৰীয় দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া চাৰিদিনীয়া আন্তঃমহাদেশীয় টুৰ্নামেণ্টতো ভাগ লোৱাৰ সুযোগ লাভ কৰে। তদুপৰি ৱৰ্ল্ড ক্ৰিকেট লীগ চেম্পিয়নশ্বিপতো ভাগ ল’ব নেপালে।

‘আমাক উৎসাহ জনোৱাৰ বাবে সকলোকে ধন্যবাদ… বছৰ বছৰ ধৰি কৰি অহা কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, উৎসৰ্গা আৰু প্ৰতিশ্ৰুতিৰ এয়া পৰিণাম। অৱশেষত আমি এদিনীয়া দল হিচাপে প্ৰতিষ্ঠিত হ’লো…নেপাল ক্ৰিকেটৰ লগত জড়িত হৈ অহা সকলোকে এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলো’, সাফল্য অৰ্জন কৰাৰ পিছত টুইটাৰ যোগে এইদৰে কয় নেপাল ক্ৰিকেট দলৰ অধিনায়ক পাৰছ খাৰকাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd