উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ ৰেৱতী ফুকনৰ সন্ধানহীনৰ ঘটনা; চি বি আই তদন্ত দাবী পুত্ৰৰ

Rebati-Phukan_PareshAsom

যোৱা ২২ এপ্ৰিলৰ পৰাই নিৰুদ্দিষ্ট হৈ থকা দেউতাকৰ সন্ধান উলিওৱাত অসম আৰক্ষী ব্যৰ্থ হোৱাৰ পিছত নিৰুপায় হৈ অৱশেষত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন। তেওঁ ২৯ মে’ত উচ্চতম ন্যায়ালত এই সন্দৰ্ভত এখন আৱেদন দাখিল কৰিছে আৰু আৱেদনখন আদালতে গ্ৰহণ কৰা বুলি আমাক জনাইছে। অহা ১ জুনত শুনানিৰ দিন দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আলফা-চৰকাৰৰ মাজত আলোচনা কৰিবলৈ মধ্যস্থতাৰ বাবে এসময়ত গঠিত পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন যোৱা এমাহৰো অধিক দিন নিৰুদ্দেশ হৈ আছে। তেওঁ ২২ এপ্ৰিলৰ দিনা পুৱা আন দিনাৰ দৰে খোজ কাঢ়িবলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ আছে। উচ্চতম ন্যায়ালয়ত দিয়া আৱেদনখনত দেউতাক ৰেৱতী ফুকনৰ সন্ধান উলিওৱাত আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰিছে কৌশিক ফুকনে।

কৌশিক ফুকনে লগতে আন কেইবাটাও গুৰুতৰ অভিযোগো আনিছে। তেওঁ প্ৰকাশ কৰা মতে, তেওঁৰ দেউতাক ৰেৱতী ফুকনে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাৰ বাবে চেষ্টা চলাই আহিছিল। আনহাতে একাংশ লোকে পৰেশ বৰুৱা আলোচনাৰ মেজলৈ অহাটো বিচৰা নাছিল বুলি তেওঁ কয়। উক্ত লোকসকলৰ দ্বাৰা দেউতাক অপহৃত হোৱাৰ সন্দেহ ব্যক্ত কৰে কৌশিক ফুকনে।  এই ঘটনাটোৰ চি বি আই তদন্তও দাবী কৰিছে কৌশিকে।

মন কৰিব লগীয়া যে নিৰুদ্দিষ্ট ৰেৱতী ফুকনৰ সৈতে আলফা (স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিশেষ ঘনিষ্ঠতা থকা বুলি সৰ্বজন বিদিত।

ইফালে পৰেশ বৰুৱাই ৰেৱতী ফুকনৰ অপহৰণ হোৱা বুলি দাবী কৰিছিল আৰু ইয়াত কেন্দ্ৰীয় চোৰাংচোৱা বাহিনী (আই বি) অথবা ‘ৰ’ৰ হাত থাকিব পাৰে বুলি সন্দেহৰ আঙুলি টোঁৱাইছিল। আনকি আন বহুতৰ পৰা সন্দেহৰ আঙুলি গৈছিল আলোচনাপন্থী আলফালৈও।