উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতি সম্প্ৰদায়সমূহে তেওঁলোকৰ সংশ্লিষ্ট কাৰ্য ক্ষেত্ৰসমূহত পাৰদৰ্শিতা অৰ্জন কৰিছে আৰু সমাজৰ আন সম্প্ৰদায়ৰ বাবে আৰু তথাকথিত মুলসুঁতিৰ বাবে আদৰ্শ হৈ উঠিছে। ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে এইদৰে কয়।
জনজাতিৰ উত্তৰণ সম্পৰ্কত এখন আন্তৰ্জাতিক সন্মিলনৰ পূৰ্ণাংগ সত্ৰত ভাষণ দি ড০ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘’নতুন ভাৰত’’ৰ সপোণ সকলো আৰ্থ-সামাজিক দিশৰ লোকক সামৰি সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়নৰ দ্বাৰা অনুপ্ৰাণিত।
ড০ সিঙে কয় যে ‘নতুন ভাৰত’ৰ উত্তৰণৰ ক্ষেত্ৰত ‘সৰ্বাত্মক’ বিকাশ অপৰিহাৰ্য।
সিঙে কয় যে চৰকাৰে দৰিদ্ৰ শ্ৰেণীৰ উত্তৰণৰ লক্ষ্যৰে তেওঁলোকৰ নিজৰ দৰিদ্ৰতা নিজেই নিৰ্মূল কৰাৰ বাবে উৎসাহিত কৰাৰ প্ৰচেষ্টা চলাইছে।
‘’ দূৰত্ব আৰু সময়ৰ ব্যৱধান হ্ৰাস পাই অহা বৰ্তমান বিশ্বখন ক্ৰমে সৰু হৈ অহা বুলি উল্লেখ কৰি ড০ সিঙে কয় যে প্ৰগতিৰ পথলৈ আগবঢ়াৰ ক্ষেত্ৰত একমাত্ৰ বিকল্প হৈছে ‘সৰ্বাত্মক’ বিকাশ। চৰকাৰে সৰ্বাত্মক বিকাশৰ আদৰ্শটো গ্ৰহণ কৰিছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পৰা যিয়ে ‘অন্ত্যদয়া’ৰ ধাৰণটোক ৰূপ দিছিল।
ড০ সিঙে কয় যে যোৱা তিনিবছৰত কেন্দ্ৰীয় চৰকাৰে এলানি নতুন আঁচনি গ্ৰহণ কৰিছে। ভাৰতৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ দিশত ‘জন ধন আঁচনি’, ‘প্ৰধানমন্ত্ৰী কৃষি বিকাশ যোজনা’ৰ দৰে আঁচনিয়ে ভাৰতৰ বিকাশৰ উদাহৰণ হিচাপে ধৰা দিছে।
ড০ সিঙে কয় যে জনজাতিৰ ক্ষেত্ৰত আটাইতকৈ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে উত্তৰ-পূৰ্বাঞ্চলে য’ত ২০০তকৈয়ো অধিক জনজাতি সম্প্ৰদায় আছে। এই জনজাতিসকলৰ ভিতৰত বহুতেই তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছে আৰু বৰ্তমান আন সম্প্ৰদায়ৰ লগতে সমাজৰ তথাকথিত মুলসুঁতিৰ লোকৰ বাবেও আদৰ্শ হিচাপে থিয় দিছে।