উত্তৰ-পূব ভাৰত মাণ্ডলিক টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি

IMG-20180804-WA0004

জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টত উত্তৰ-পূব ভাৰত মাণ্ডলিক টাইকোৱানডো প্ৰতিযোগিতাখৰ সফলভাৱে সামৰণি পৰে। উক্ত প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ অসম মেঘালয় আৰু মণিপুৰৰ মুঠ ৯৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷

এই প্ৰতিযোগিতাখন উদ্বোধন কৰিছিল বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই৷ প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায় বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে৷

জানিব পৰা গৈছে যে বিশ্বনাথ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ কে এম শশীয়ে জানিবলৈ দিয়ে যে আগন্তুক অক্টোবৰৰ ২৫, ২৬ আৰু ২৭ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নবোদয় ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাখন বিশ্বনাথ জিলাৰ নবোদয় বিদ্যালয়ত অনুষ্ঠিত হ’ব৷ উক্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত  হোৱা মুঠ ৩৪ জন প্ৰতিযোগীৰ ভিতৰত বিশ্বনাথ নবোদয়ৰ ১০ জনে স্থান লাভ কৰে৷

সদ্য সমাপ্ত উত্তৰ-পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতাখনত স্থান লাভ কৰা প্ৰতিযোগীকেইগৰাকী হৈছে ক্ৰমে ১৪ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ মণিকুন্তল লুইতেল (২৯ কেজি), ছোৱালীৰ দীক্ষিতা বৰুৱা (২৯ কেজি), বিস্মিতা বাঢ়ৈ (৩২ কেজি), ১৭ বছৰৰ অনুৰ্ধ্বৰ ল’ৰাৰ জেমচন শইকীয়া (৫১ কেজি), নীলোৎপল হাজৰিকা, ছোৱালীৰ কাশ্মিৰী শইকীয়া (৪৯ কেজি), ঈশামণি মেধী (৫৫ কেজি), নিকিতা নৰহ (৫৯ কেজি), ১৯ বছৰৰ অনুৰ্ধ্বৰ ছোৱালীৰ প্ৰতীক্ষা দত্ত (৫৩ কেজি) আৰু ৰিজা বসুমতাৰী (৫৭ কেজি)।