গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰ ( LGBI Airport )ৰ সংহত টাৰ্মিনেল উন্নীতকৰণৰ বাবে আজি ২ মে’ ১৩৮৩ কোটি টকা অনুমোদন জনাইছে অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনে’ট সমিতিয়ে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেবিনে’ট সমিতিয়ে গুৱাহাটীৰ বিম্ন বন্দৰৰ লগতে চেন্নাই আৰু লক্ষ্ণৌ বিমান বন্দৰৰ টাৰ্মিনেলৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ বাবেও ক্ৰমে ২৪৬৭ আৰু ১২৩২ কোটি টকা অনুমোদন জনাইছে।
১০২৫০০ বৰ্গ মিটাৰ এলেকা সামৰিব লগা গুৱাহাটীৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন মুঠ (পুৰণা আৰু নতুন মিলাই) ৯ এম পি পি এ’ ক্ষমতাযুক্ত হ’ব। ২০২৬-২৭ বৰ্ষলৈকে হ’ব লগা যাত্ৰী বৃদ্ধি এই ভৱনে বহন কৰিব পাৰিব। আশা কৰা হৈছে যে ‘এক্ট ইষ্ট নীতি’ৰ ওপৰত গুৰুত্ব প্ৰদানেৰে ই উত্তৰ-পূৰ্বাঞ্চললৈ নতুন বিনিয়োগ আৰু পৰ্য্যটকক আকৰ্ষিত কৰিব।
দেশৰ সকলো ঠাইতে বায়ু পৰিবহণৰ সুচলতাৰ বাবে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ নীতি প্ৰস্তুত কৰিছে।
যোৱা তিনি বছৰত দেশত এই খণ্ডত ১৮ৰ পৰা ২০ শতাংশ বৃদ্ধি হৈছে। শেহতীয়া অধ্যয়ন মতে য়ু কে’, জেপান, স্পেইন আৰু জাৰ্মেনিক পিছ পেলাই বৰ্তমান ৭ম স্থানত থকা ভাৰতে ২০২৩-২৪ চনৰ ভিতৰত ৩য় স্থান দখল কৰিব। বৰ্তমান ভাৰতৰ ঘৰুৱা বিমান পৰিবহণৰ বৃদ্ধি বিশ্বৰ ভিতৰতে সৰ্বাধিক।
পৰৱৰ্তী ৪-৫ বছৰত দেশৰ আন আন বিমান বন্দৰতো প্ৰায় ২০১৭৮ কোটি টকা ব্যয়েৰে অতিৰিক্ত সুবিধা বৃদ্ধি কৰি বিমান পৰিবহণৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতৰ এয়েৰপ’ৰ্ট প্ৰাধিকৰণে নতুন পৰিকল্পনা যুগুতাই আছে।
আগৰতলা, কালিকট, প’ৰ্ট ব্লেয়েৰৰ বিমান বন্দৰৰ উন্নয়নৰ কামত প্ৰাধিকৰণে ইতিমধ্যে অনুমোদন জনাইছে।