অসমৰ বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক আমিনুল হক লস্কৰক পত্ৰযোগে হত্যাৰ ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে। কাচাৰ জিলাৰ সোণাই সমষ্টিৰ বিধায়কজনে যোৱা ৯ জুনত ডাকযোগে এই ভাবুকি পত্ৰখন লাভ কৰিছে বুলি জানিব পৰা গৈছে। আমিনুল হক লস্কৰে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, ঘটনা সন্দৰ্ভত শিলচৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু ১৮৭০/২০১৮ নম্বৰৰ গোচৰ ৰুজু হৈছে।
তেওঁ আৰু শিলচৰ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, পত্ৰখনৰ লগতে পত্ৰ প্ৰেৰকে পইণ্ট ৩২ পিষ্টলৰ দুটা সক্ৰিয় গুলীও প্ৰেৰণ কৰিছে। পত্ৰখনত বিধায়কজনক ১৫ দিনৰ ভিতৰত বিজেপি দল ত্যাগ কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ অন্যথা মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলি কোৱা হৈছে।
পত্ৰখন প্ৰেৰকে এটা সংগঠনৰ পৰা দিয়া বুলি দাবী কৰিছে আৰু ইয়াক ভুৱা বুলি নাভাবিলৈও কোৱা হৈছে। পত্ৰখনৰ শীৰ্ষাংশত থকামতে সংগঠনটোৰ নাম Save Secure and Development Protection force of Muslim Barak Valley Zone, Assam. সংগঠনটোৰ নামত হাইদৰ হুছেইন খান নামৰ কোনো লোকে পত্ৰখন পঠিয়াইছিল।
উল্লেখযোগ্য যে অশুদ্ধ বাংলা ভাষাত লিখা এই পত্ৰখনৰ তাৰিখ ২১-৫-২০১৮ বুলি আছে, অৰ্থাৎ বিধায়কজনলৈ পত্ৰখন যোৱা ২১ মে’ত প্ৰেৰণ কৰা হৈছিল। কৰিমগঞ্জ ডাক ঘৰৰ পৰা প্ৰেৰণ কৰা হৈছিল চিঠিখন। তদন্তৰ খাতিৰতে বিষয়টো গোপনে ৰাখিছিল বুলি সূত্ৰটোৱে জানিবলৈ দিছে।
পত্ৰখনত বিধায়কজনে ৯ মে’ত হিন্দুত্ববাদী সংগঠনৰ লগ লাগি নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বাবেও তিৰস্কাৰ কৰা হৈছে।
আনহাতে পত্ৰখনত এইখন ভুৱা বুলি ভাবি পাতলকৈ ল’লে বিধায়কজনৰ লগতে তেওঁৰ পৰিয়ালৰ বাবেও বিপদ হ’ব বুলি কোৱা হৈছে। কোনো নিৰাপত্তা ব্যৱস্থাই বিধায়কজনক ৰখাব নোৱাৰিব তথা তেওঁৰ অহা-যোৱা, থকা-মেলাৰ সকলো খবৰ তেওঁলোকৰ হাতত থকা বুলি দাবী কৰে পত্ৰ প্ৰেৰণ কৰোঁতাই। কেৱল বৰাকতে নহয়, ব্ৰহ্মপুত্ৰ উপত্যকাতো তেওঁ সুৰক্ষিত হৈ নাথাকিব বুলি কোৱা হৈছে।
আনহাতে বিধায়ক আমিনুল হকে নৰ্থ-ইষ্ট নাওক জনায় যে তেওঁ তেওঁৰ অঞ্চলত পূৰ্বৰে পৰা চলি থকা চুপাৰি ছিণ্ডিকেইট, ইউৰীয়া সাৰৰ ছিণ্ডিকেইট বন্ধ কৰি দিছে। ইয়াৰ ড্ৰাগছৰ কৰিড’ৰ বন্ধ কৰাৰ লগতে বহু ভূ-মাফিয়া দমন কৰিছে। গতিকে তেনেকুৱা স্বাৰ্থ বিঘ্নিত হোৱা লোকে এই কাম কৰিছে বুলি কয়। চিঠিখনত স্থানীয় ভাষা ব্যৱহাৰ হৈছে। গতিকে কোনো মৌলবাদীয়ে দিয়া বুলি তেওঁ ভবা নাই।
উল্লেখযোগ্য যে কেইমাহ মানৰ পূৰ্বে চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বোমাৰে উৰুৱাই দিয়াৰ এটা ম’বাইল বাৰ্তাৰ কথাও পোহৰলৈ আহিছিল। এইটো প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ম’বাইললৈও যোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছিল। উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল যদিও বিষয়টো ৰহস্যৰ আৱৰ্ততে কোনো অগ্ৰগতি নোহোৱাকৈ ৰৈ গ’ল।