• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন শুদ্ধ এন আৰ চিৰ বাবে সঠিকভাৱে কাম চলি আছে : বৰপেটাত মহাপঞ্জীয়ক শৈলেশ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 14, 2018 7:14 am
বৰপেটাত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে শীৰ্ষ বিষয়াৰে বৈঠকত  এন আৰ চিৰ কাম কাজৰ বুজ ল'বলৈ অহা ভাৰতৰ মহাপঞ্জীয়ক শৈলেজ। ফটো : ইউ বি

বৰপেটাত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে শীৰ্ষ বিষয়াৰে বৈঠকত এন আৰ চিৰ কাম কাজৰ বুজ ল'বলৈ অহা ভাৰতৰ মহাপঞ্জীয়ক শৈলেজ। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জাতিৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত আৰু কেইটামান দিন। ৩০ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা। এই চূড়ান্ত খচৰা প্ৰকাশ পাবলগাৰ সময়তে এন আৰ চিৰ কাম-কাজক লৈ বিভিন্ন ৰাজনৈতিক দল-সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে।

এনে পৰিস্থিতিত সমগ্ৰ বিষয়টো সন্দৰ্ভত চৰজমিন তদন্ত কৰাৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’বলৈ আজি বিয়লিৰ ভাগত বৰপেটাত উপস্থিত হয় দেশৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত শৈলেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ নেতৃত্বত এক উচ্চপদস্থ বিষয়াৰ দল।

Apply Now

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্দেশ মৰ্মেই বৰপেটাত আজি উপস্থিত হোৱা বিষয়াৰ দলটোৱে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা তালিকা প্ৰকাশৰ পূৰ্বে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ অহাটো বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। উল্লেখ্য যে, ২০১০ চনৰ ২১ জুলাইৰ বৰপেটা কাণ্ডৰ পিচৰে  পৰা এন আৰ চি সম্পৰ্কত বৰপেটা জিলাক এক স্পৰ্শকাতৰ জিলা হিচাপে বিবেচনা কৰি আহিছে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগমুহূৰ্তত মহাপঞ্জীয়ক, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত উচ্চপদস্থ বিষয়াৰ দল এটা বৰপেটা জিলাত উপস্থিত হৈ এন আৰ চিৰ কামকাজ আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ লয়। বৰপেটাত উপস্থিত হোৱা দলটোত মহাপঞ্জীয়ক আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব গৰাকীৰ লগতে মুখ্য সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা, গৃহ আৰু ৰাজনৈতিক মন্ত্ৰালয়ৰ মুখ্য সচিব আই এছ চাংচন, পশ্চিম মণ্ডলৰ ডি আই জি এম এন শৰ্মা আৰু আইন-শৃংখলাৰ দায়িত্বত থকা এ ডি জি পি মুকেশ আগৰৱালা উপস্থিত থাকে।

এই দলটোৱে বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নামনি অসমৰ সাতখন জিলা ক্ৰমে কোক্ৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বৰপেটা, বাক্সা, চিৰাং আৰু নলবাৰীৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে এক বৈঠকত মিলিত হয়। সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠকত এন আৰ চিৰ বিভিন্ন কামকাজ সম্পৰ্কত আলোচনা কৰাৰ লগতে উক্ত জিলাকেইখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে আইন-শৃংখলাজনিত পৰিস্থিতি সম্পৰ্কেও পৰ্যালোচনা কৰা হয়।

আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰা মহাপঞ্জীয়ক শৈলেশে কয় যে, অসমক এখন শুদ্ধ এন আৰ চি দিয়াৰ বাবে সঠিকভাৱে কাম চলি আছে। এন আৰ চিৰ কামকাজক লৈ যথেষ্ট সন্তুষ্ট বুলিও মত প্ৰকাশ কৰে মহাপঞ্জীয়কগৰাকীয়ে। এন আৰ চিৰ কামকাজৰ ক্ষেত্ৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগতে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে নিয়াৰিকৈ কামকাজ কৰি আছে বুলিও মত প্ৰকাশ কৰে মহাপঞ্জীয়ক গৰাকীয়ে। তেওঁ ৰাইজৰ সহায়-সহযোগিতাকো প্ৰশংসা কৰে। উচ্চতম ন্যায়ালয়ৰ গাইডলাইন ভংগ নকৰাকৈয়ে এন আৰ চিৰ কামকাজ চলি আছে বুলি উল্লেখ কৰি তেওঁ সঠিক সময়ত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব বুলি মন্তব্য কৰে।

বৰপেটাত উপস্থিত হোৱা গৃহ বিভাগৰ যুটীয়া সচিব সত্যেন গাৰ্গে কয় যে, বৰ্তমান আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক আছে। বৰ্তমান সময়ত অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, যদিহে পৰৱৰ্তী সময়ত প্ৰয়োজন হয় তেনেহ’লে অধিক নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হ’ব।

ইপিনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দায়িত্বত থকা ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই কয় যে, এখন শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে দিয়া গাইডলাইনৰ কোনো বিচ্যুতি নোহোৱাকৈ কামকাজ কৰা হৈছে বুলি প্ৰতীক হাজেলাই কয়। ৩০ জুনত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব বুলি উল্লেখ কৰি হাজেলাই কয় যে, প্ৰকাশ পোৱাৰ সময় পৰৱৰ্তী সময়ত জনোৱা হ’ব। আনহাতে, আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকি ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কয় যে, এয়া গৃহ বিভাগেহে ভালদৰে ক’ব পাৰিব।

আনহাতে আজি মহাপঞ্জীয়ক শৈলেশৰ নেতৃত্বত অহা উচ্চপদস্থ বিষয়াৰ দলটোক সাক্ষাৎ কৰে কংগ্ৰেছ বিধায়ক ক্ৰমে আব্দুল খালেক, শ্বেৰমান আলী আৰু জাকিৰ হুছেইন শিকদাৰে। কংগ্ৰেছৰ বিধায়ক কেইগৰাকীয়ে মহাপঞ্জীয়কগৰাকীক ৬৬, ৭১ ৰ লগতে¸ ৭১ৰ আগৰ ভোটাৰ তালিকা ৰাজহুৱা কৰাৰ বাবে দাবী জনায়। বিধায়ক কেইগৰাকীয়ে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নিৰপেক্ষভাৱে কাম কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd