মহিলা আৰু শিশুৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাজ্যত বৰ্ধিত ধৰ্ষণ আৰু হিংসাকে ধৰি অন্যান্য অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহায়ে গ্ৰহণ কৰিছে এটা প্ৰশংসনীয় পদক্ষেপ।
আৰক্ষী বিষয়াজনে অতি দায়বদ্ধতাৰ পৰিচয় দি এই ধৰণৰ সংকটত পৰা মহিলা বা শিশু বা তেওঁলোকৰ হৈ আনে পোনপটীয়াকৈ তেওঁৰ সহায় বিচাৰিব পৰাকৈ নিজৰ লগতে থকা এটা নম্বৰ সুলভ কৰি দিছে। এই নম্বৰটো হ’ল- ৯৪৩৫১-১৫৪০৪
সততে অভিযোগ উঠি আহিছে যে ৰাজ্যখনৰ আৰক্ষীয়ে এই ধৰণৰ অভিযোগৰ প্ৰতি তাৎক্ষণিক সঁহাৰি দিয়াত হেমাহি কৰে। তেনেস্থলত আৰক্ষী সঞ্চালক প্ৰধানজনৰ এই পদক্ষেপে স্বাভাৱিকতে শলাগ বুটলিছে ৰাজ্যৰ সচেতন অংশৰ পৰা।
লগতে আজি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত সঞ্চালক প্ৰধানজনে কয় যে অলপতে নাৰীৰ সুৰক্ষামূলক সহায় বিচাৰিব পৰাকৈ প্ৰৱৰ্তন কৰা ১৮১-সখী ট’ল ফ্ৰী মহিলা হেল্পলাইন নম্বৰটো বৰ্তমান গুৱাহাটী মহানগৰীতে সক্ৰিয় হৈ আছে যদিও সোনকালেই ইয়াক গোটেই ৰাজ্যজুৰি উপলব্ধ কৰিব বুলি কয়।