এথলেটিকছ জগতত ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাস উপস্থিত স্ব-গৃহত

অসমৰ উদীয়মান স্প্ৰিণ্টাৰ তথা এথলেটিকছ জগতত ইতিমধ্যে ‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাস আজি সুদীৰ্ঘ ৯ মাহৰ মূৰত আহি উপস্থিত হয়হি নগাঁও জিলাৰ ধিঙৰ স্ব-গৃহত।

উল্লেখযোগ্য যে আজি হিমা দাস স্ব-গৃহত উপস্থিত হোৱাৰ লগে লগে নগাঁও জিলা ধিঙৰ পৰা ধিং কান্ধুলীমাৰী নিজৰ গাঁৱলৈ যোৱাৰ পথত হিমাক ধিং প্ৰেছ ক্লাব, ধিং আছু আৰু ধিং আউনীআটী শাখা সত্ৰকে ধৰি বিভিন্ন দল সংগঠনে উস্ম আদৰণি জনায়।

সুদীৰ্ঘ পথছোৱা শতাধিক সৰু-বৰ বাহনে আদৰি আনি ‘হিমা জিন্দাবাদ শ্ল’গান’ৰে সমগ্ৰ অঞ্চল মুখৰিত কৰি তোলাৰ লগতে আতচবাজীৰে আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয়।

আনহাতে দীৰ্ঘদিনৰ মূৰত হিমাক চাবলৈ হিমাৰ ঘৰত আজি উপস্থিত হয় অগণন শুভাকাংক্ষী। হিমাৰ লগতে তেওঁৰ দুই প্ৰশিক্ষক নিপন দাস আৰু নৱজিৎ মালাকাৰো নগাঁৱৰ ধিঙত উপস্থিত হয়। আৰু দুয়ো গৰাকী প্ৰশিক্ষকে আশা কৰে যাতে হিমাই এছিয়ান গেমছত পদক আঁজুৰি আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গুৱাহাটী সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হয় হিমা। যাক লৈ হিমাই নিজেও গৌৰৱবোধ কৰাৰ লগতে একে মুখে আনন্দিত হৈ পৰিছে পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জোনালী দাস।

‘ধিং এক্সপ্ৰেছ’ নামেৰে পৰিচয় লাভ কৰা হিমা দাসে দুশ মিটাৰ দৌৰত মাত্ৰ ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰত আৰু চাৰিশ মিটাৰত ৫১.১৩ ছেকেণ্ডত দৌৰ সামৰি স্বৰ্ণ পদক জয়ৰে এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰে। উল্লেখযোগ্য যে মাত্ৰ দুই মিনিটৰ ব্যৱধানৰ বাবে হিমা দাসে ২০০ মিটাৰ দৌৰত পূৰ্বতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰেন্স গ্ৰিপিট জয়নাৰে কৰা গঢ়া ৱৰ্ল্ড ৰেকৰ্ড ভাঙিবলৈ সক্ষম নহ’ল।

আনহাতে ইণ্ডিয়ান এথলেটিক ফেডাৰেচনে তেওঁক লৈ যি সপোন দেখিছে তাক বাস্তৱত ৰূপ দিবলৈ অহা সাত এপ্ৰিলত তেওঁ ফিনলেণ্ডৰ অভিমুখে উৰামাৰিব বিশ বছৰ অনুৰ্ধ্ব চেম্পিয়নশ্বিপৰ বাবে। তাৰ পিছত এছিয়ান গেমছৰ প্ৰস্তুতিৰ বাবে যাব ইউক্ৰেইন আৰু তাৰ পিছত এছিয়ান গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিব জাকাৰ্তাত।