এন আৰ চিত বিসংগতি : বৰপেটাত এটা খিলঞ্জীয়া পৰিয়ালৰ ঠাইত সোমাল অজ্ঞাত পৰিয়ালৰ নাম

এন আৰ চি

এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বিচাৰি নাপাই উদ্বিগ্ন হৈ পৰিছে বৰপেটাৰ এটা খিলঞ্জীয়া পৰিয়াল। যোৱা ৩০ জুলাইত প্ৰকাশ পোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত পৰিয়ালটোৰ এ আৰ এন নম্বৰৰ বিপৰীতে আন এটা অজ্ঞাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে।

একাংশ বিদেশী লোকৰ নাম চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উঠাৰ সময়তে এনেদৰে বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰাৰ বাতৰিয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ আন আন জিলাত এনে  ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ বৰপেটা জিলাও ইয়াৰ ব্যতিক্ৰম নহয়।

জানিব পৰা মতে, জিলাখনৰ বামুনবড়ী গাঁৱৰ এটা খিলঞ্জীয়া পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো। আশ্চৰ্যজনকভাৱে পৰিয়ালটোৰ এ আৰ এন নম্বৰৰ বিপৰীতে এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হৈছে আন এটি অজ্ঞাত পৰিয়ালৰ সদস্যৰ নাম।

তথ্য অনুসৰি বামুনবড়ী গাঁৱৰ অসমীয়া হিন্দু পৰিয়ালৰ মীৰা দাস নামৰ মহিলাগৰাকীয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্য-সদস্যাৰ নাম এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে এ আৰ এন নং ১১৮৮৩২২২২১২১৫১১ যোগে উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ এন আৰ চি সেৱা কেন্দ্ৰত আবেদন জনাইছিল। কিন্তু পৰিয়ালটোৰ এগৰাকী সদস্যৰ নামো এন আৰ চিৰ প্ৰথম খচৰাত প্ৰকাশ নাপালে।

ইয়াৰ পিছতে পৰিয়ালটোৱে চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তিৰ বাবে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পন্ন কৰে। কিন্তু সকলোকে আচৰিত কৰি চূড়ান্ত খচৰাতো নাম নাহিল পৰিয়ালটোৰ। ইয়াৰ বিপৰীতে উক্ত এ আৰ এন নম্বৰটোত আন এটা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে আবেদনকাৰী মীৰা দাস, হিতেশ দাস, চন্দনা দাস, ৰিন্টু কুমাৰ দাস আৰু শ্ৰুতি দাসৰ স্থানত অন্তৰ্ভুক্ত হৈছে ক্ৰমে মজিবৰ ৰহমান, মমতাজ বেগম, মোকজ্জল আলী, মজিৰণ খাতুন, আৰ্জিন খাতুন আৰু আছমিনা বেগমৰ নাম। এনে ঘটনাত হতবাক হৈ পৰা পৰিয়ালটো গভীৰ চিন্তাত পৰিছে। এন আৰ চি কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে সংঘটিত এনে ঘটনাত ৰাইজৰ মাজতো শংকাৰ সৃষ্টি হৈছে।