যিখিনি নথিৰে অসমৰ প্ৰায় ৩ কোটি মানুহৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হ’ল সেইখিনি নথিৰে ৫খন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।
উচ্চতম ন্যায়ালয়ত ১৭৫ পৃষ্ঠাৰ প্ৰতিবেদনজোৰা হাজেলাৰ এই পৰামৰ্শক বিৰোধী কংগ্ৰেছ আৰু শাসনাধিষ্ঠ বিজেপিয়ে বিৰোধিতা কৰাৰ পিছত এতিয়া অসম চৰকাৰেও উচ্চতম ন্যায়ালয়ত এই নথি ৫ বিধক “বৈধ”ৰূপে বাহাল ৰাখিবৰ বাবে আবেদন কৰিব বুলি ঘোষণা কৰিছে।
“বাদ দিয়া ৫ বিধ নথিৰ পুনৰ অন্তৰ্ভুক্তিৰ বাবে আমি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিম,” হাজেলাই উচ্চতম ন্যায়ালয়ত তেওঁৰ পৰামৰ্শৰ সমৰ্থনত দিয়া পাৱাৰ পইণ্ট উপস্থাপনৰ পিছত শনিবাৰে নতুন দিল্লীত এই ঘোষণা মুখ্য মন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালীৰ।
সমন্বয়কে উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা পৰামৰ্শৱলীত অগ্ৰাহ্য কৰিবলৈ অনুৰোধ জনোৱা ৫ প্ৰকাৰৰ নথি হৈছে ক্ৰমে- (১) ১৯৫১ চনৰ এন আৰ চিৰ কপি, (২) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগৰ ভোটাৰ তালিকা, (৩) ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে লাভ কৰা নাগৰিকত্বৰ প্ৰমাণ পত্ৰ, (৪) ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আৰু (৫)১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ৰেচন কাৰ্ড।
ইপিনে, বৈধ নথি হিচাপে গ্ৰাহ্য কৰিবলৈ হাজেলাই আগ বঢ়োৱা পৰামৰ্শত অন্তৰ্ভুক্ত হৈছে ১৯৭১ চনৰ আগৰ (১) মাটিৰ নথি, (২) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, (৩) পাছপৰ্ট, (৪) বীমাৰ নথি, (৫)চৰকাৰী অনুজ্ঞাপত্ৰ, (৬) চৰকাৰী চাকৰিৰ প্ৰমাণ পত্ৰ, (৭) বেংক বা ডাকঘৰৰ পাছবুক, (৮) জন্মৰ প্ৰমাণ পত্ৰ, (৯) ব’ৰ্ড, বিশ্ববিদ্যালয়ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ, (১০) আদালতৰ নথি।
কিন্তু এই নথিসমূহ ১৯৭১ চনৰ আগৰ সাধাৰণ আৰু দুখীয়া লোকৰ নাথাকিবও পাৰে বুলি বিভিন্নজনে মন্তব্য কৰিছে।
উল্লেখ্য যে, এতিয়া প্ৰতীক হাজেলাই বৈধ বুলি গ্ৰাহ্য কৰিবলৈ দিয়া ১০ প্ৰকাৰৰ নথি আৰু অগ্ৰাহ্য কৰিবলৈ পৰামৰ্শ দিয়া ৫ প্ৰকাৰৰ নথি মিলাই মুঠ ১৫ প্ৰকাৰৰ নথিক বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনামৰ্মেহে বৈধ হিচাপে ঘোষণা কৰা হৈছিল। আৰু এন আৰ চিৰ মডালিটি প্ৰস্তুত কৰা হৈছিল।
এন আৰ চিৰ দৰে এক স্পৰ্শকাতৰ বিষয়ত দল-সংগঠনৰ সৈতে নিজেই বৈধতা দিয়া নথিকে অগ্ৰাহ্য কৰি অসমবাসীক কোন পথে নিব খুজিছে হাজেলাই?