NORTHEAST NOW (Assamese)

এন আৰ চি : কাছাৰত সুস্মিতা দাস, লখিমপুৰত নুৰ হুছেইন নামৰ দুজন ‘বিদেশী’ আটক

April 11, 2018 4:31 pm · এন ই নাও নিউজ

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণত ভুৱা তথ্যৰে নাম সুমুৱাব খোজা লখিমপুৰৰ নুৰ হুছেইন আৰু  কাছাৰৰ সুস্মিতা দাস নামৰ দুগৰাকী সন্দেহযুক্ত বিদেশীক আৰক্ষীয়ে আটক কৰিছে।

জানিব পৰা মতে কাছাৰ জিলাৰ বৰখলাৰ সুস্মিতা দাস নামৰ মহিলাগৰাকীয়ে নিজকে বাণীবালা দাস বুলি পৰিচয় দি বেলেগৰ লীগেচি তথ্যৰে নিজকে ভাৰতীয়ৰূপে দাবী কৰিছিল। এন আৰ চিৰ তথ্য পৰীক্ষাত সকলো ফাদিল হৈ পৰাৰ লগে লগে দাসক ‘ডি ভোটাৰ’ৰূপে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হয়।

আনহাতে লখিমপুৰ জিলাৰ বিহপুৰীয়াত মঃ নুৰ হুছেইন নামৰ এজনক এন আৰ চি উন্নীতকৰণত ভুৱা নথি দিয়া বাবে আটক কৰা হৈছে। জানিব পৰা মতে ধৃত নুৰ হুছেইনে দৌলতপুৰ উত্তৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ ভুৱা তথ্য দিছিল। অধিক তথ্যৰ বাবে আৰক্ষীয়ে নুৰক জেৰা চলাই আছে।

উল্লেখযোগ্য যে অহা ৩১ মে’ৰ ভিতৰত এন আৰ চি উন্নীতকৰণ সম্পূৰ্ণ কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ ‘নিৰবচ্ছিন্ন’ তদাৰকীত আছুৱে আদৰণি জনাইছিল আৰু এন আৰ চিৰ কাম নিখূঁত আৰু নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰাৰ বাবে ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বাবে অসম চৰকাৰে উন্নীতকৰণৰ কামত গাফিলতি কৰা বিষয়াকো নিলম্বন কৰাৰ দৰে ঘটনা ঘটিছে

আনহাতে সন্দেহযুক্ত লোকৰ নাম এন আৰ চিত সোমোৱা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অসম চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

Related News