ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামত কৰা গাফিলতিৰ বাবে নিলম্বিত কৰা হৈছে বঙাইগাওঁ জিলাৰ বইটামাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মিতালী লহকৰক। এন আৰ চিৰ চক্ৰ পঞ্জীয়কৰ দায়িত্বত থকা লহকৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত দেখুওৱা হেমাহিৰ বাবে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিবে শুকুৰবাৰে এক নিৰ্দেশ যোগে চক্ৰ বিষয়াগৰকীক নিলম্বিত কৰে।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কামত কৰা হেমাহিৰ বাবে এনেদৰে এগৰাকী এ চি এছ বিষয়াক চাকৰিৰ পৰা নিলম্বিত কৰা কাৰ্যই এন আৰ চিত নিয়োজিত বিষয়াসকলক সতৰ্ক কৰি তুলিছে।
উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা নাগৰিকপঞ্জীৰ কামত যাতে কোনো বিষয়াই গাফিলতি কৰিব নোৱাৰে তাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়খনে ইতিমধ্যে নিৰ্দেশনা দি থৈছে। আনকি এন আৰ চি উন্নীতকৰণৰ কামত জড়িত বিষয়াসকলক আন কামত নিয়োজিত কৰিব নোৱাৰিব বুলিও ন্যায়ালয়খনে চৰকাৰক কঠোৰ নিৰ্দেশ দিছে।
এনে অৱস্থাত বইটামাৰীৰ চক্ৰ বিষয়াগৰাকীয়ে এন আৰ চিৰ কামকাজত গুৰুত্ব নিদিয়াৰ ফলত বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত বেমেজালিৰ সৃষ্টি হৈছিল। সেয়েহে ৰাজ্য চৰকাৰে বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বিত কৰে।