ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দ্বিতীয় পৰ্যায়ত বংশবৃক্ষ পৰীক্ষণৰ কাম পুনৰ আৰম্ভ হৈছে যদিও সাতখন ৰাজ্যই অসম চৰকাৰে পৰীক্ষণৰ বাবে পঠোৱা এখনো নথি ঘুৰাই পঠোৱা নাই।
নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ সময়লৈকে পৰীক্ষণৰ বাবে গ্ৰহণ কৰা ৫.৫ লাখ নথি পত্ৰৰ ভিতৰত ১.৬ লাখ পৰীক্ষিত নথিহে ঘুৰাই পঠাইছে।
চত্তীশগড়,দদ্ৰা আৰু নগৰ হাভেলি, দমন আৰু ডিউ, আন্দামান আৰু নিকোবৰ আইল্যাণ্ড, লক্ষদ্বীপ, পণ্ডিচেৰী আৰু গোৱা-এই ৰাজ্যকেইখনে এতিয়ালৈকে এখনে নথি ঘুৰাই পঠোৱা নাই।
চৰকাৰী তথ্য অনুসৰি চত্তীশগড়লৈ ১১৪ খন, দাদ্ৰা আৰু নগৰ হাভেলিলৈ ২১ খন, দমন আৰু ডিউলৈ ২৪খন, আন্দামান আৰু নিকোবৰ আইল্যাণ্ডলৈ ৩৪ খন লক্ষদ্বীপলৈ ১ খন, পণ্ডিচেৰীলৈ ৭খন আৰু গোৱালৈ ১৮২ খন নথি প্ৰেৰণ কৰা হৈছিল।
ইয়াৰ আগেয়ে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই কৈছিল যে পশ্চিমবংগই ইয়ালৈ পঠোৱা ১১১,৪৮২খন নথিৰ ভিতৰত মাত্ৰ ৫,৮৫২ খন নথিহে ঘুৰাই পঠাইছে।
কেইবাবাৰো নথি বিচাৰি পত্ৰ প্ৰেৰণ কৰাৰ পিছতো মমতা বেনাৰ্জী চৰকাৰে লক্ষাধিক নথি পৰীক্ষণ কৰাত ব্যৰ্থ হৈছে যাৰ বাবে প্ৰথমখন খচৰাত বহুলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই।
পৰীক্ষণৰ বাবে অসম চৰকাৰে প্ৰেৰণ কৰা নথিসমূহ পৰীক্ষা কৰি ঘুৰাই পঠোৱাৰ ক্ষেত্ৰত কেইখনমান ৰাজ্যৰ সঁহাৰি যথেষ্ট ভাল। সেইবোৰৰ ভিতৰত হাৰিয়ানাই (১৮৪৮ খন নথিৰ ভিতৰত ৬১৮ খন পৰীক্ষণ কৰিছে), জম্মু আৰু কাশ্মীৰে (৩৩২ খনৰ ভিতৰত ১৮৯ খন), ছিকিমে (৫০০ খনৰ ভিতৰত ১৪৮খন), পঞ্জাৱে (১৪৬৫ খনৰ ভিতৰত ১৮৯ খন), কেৰালাই(৩৪৩ খনৰ ভিতৰত ১০২খন) আৰু ৰাজস্থানে (১৪,৯৮২ খনৰ ভিতৰত ৮২৪৯খন) নথিৰ পৰীক্ষা সম্পন্ন কৰি ঘুৰাই পঠিয়াইছে।
প্ৰথম পৰ্যায়ত দাখিল কৰা নথিৰ বংশবৃক্ষৰ লগত সম্পৰ্কিত ভুলসমূহ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণৰ সময়ত পুনৰ পৰীক্ষা কৰি সংশোধন কৰা হ’ব। নাম, বানান, বৈবাহিক সূত্ৰে সলনি হোৱা উপাধি, ভুল নামৰ অন্তৰ্ভুক্তি ইত্যাদি আসোঁৱাহসমূহ এন আৰ চিৰ দ্বিতীয়খন খচৰা প্ৰকাশ পোৱাৰ আগেয়ে সংশোধন কৰা হ’ব।