উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা এন আৰ চি উন্নীতকৰণত একাংশ বিষয়া-কৰ্মচাৰীয়ে নিজৰ খেয়াল-খুচি মতে নথি পুনৰীক্ষণ কৰি ৰাইজৰ অসুবিধা কৰা বুলি অৱগত কৰি আৰু এইক্ষেত্ৰত এন আৰ চি ( NRC )ৰ সমন্বয়কৰ হস্তক্ষেপ বিচাৰি আজি ২৭ এপ্ৰিলত প্ৰতীক হাজেলাক লগ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু অসম সামাজিক ন্যায় মঞ্চৰ এটা যুটীয়া দলে।
পুনৰীক্ষণ কেন্দ্ৰসমূহ কাম-কাজ সূচাৰুৰূপে চলিছেনে নাই সেই বিষয়ে দৃষ্টি ৰাখিবলৈ এন আৰ চি কৰ্তৃপক্ষই নিয়োগ কৰা ১৫ জনীয়া জ্যেষ্ঠ আই এছ বিষয়াসকলক জিলাসমূহ পৰিভ্ৰমণৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিবলৈও সংগঠনকেইটাই সমন্বয়কক দাবী জনায়।
আবেদনকাৰীক নথি পুনৰীক্ষণৰ মাত্ৰ কেইঘন্টামান আগতে জাননী দিয়া আৰু কিছুমানক জাননী নিদিয়াকৈ জাননী দিয়া বুলি একাংশ বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ দৰে ঘটনাও তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে বুলি সংগঠনকেইটাই হাজেলাক জানিবলৈ দিয়ে।
তাৰোপৰি বিবাহিতা মহিলা আবেদনকাৰীসকলক বংশবৃক্ষ পৰীক্ষণৰ নামত মানসিক অত্যাচাৰ চলোৱা বুলিও সংগঠনকেইটাই অভিযোগ তুলিছে।
স্মাৰক পত্ৰত উত্থাপন কৰা মুঠ ৯টা দাবী সমাধান কৰা বাবে সমন্বয়কগৰাকীয়ে আশ্বাস দিছে বুলি জনাইছে সংগঠনকেইটাই৷
প্ৰতিনিধি দলটোত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা উপদেষ্টা তথা অসম সামাজিক ন্যায় মঞ্চৰ সভাপতি আব্দুচ ছামাদ আহমেদ, পৰিষদৰ সভাপতি আব্দুল আজিজ, সাধাৰণ সম্পাদকদ্বয় মহম্মদ আলী খলিফা আৰু মোৱাজ্জেম হুছেইন, সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু সাংগঠনিক সম্পাদক আবু বক্কৰ ছিদ্দিকৰ লগতে সামাজিক ন্যায় মঞ্চৰ সাধাৰণ সম্পাদক লিয়াকৎ আলী খান আৰু সম্পাদক ৰিয়াজ উদ্দিন আহমেদ আছিল বুলি জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইনে।