এন আৰ চি সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ শুনানি পোনপটীয়াকৈ চাব বিচাৰে নেকি?

supreme_court on nrc assam

অসমৰ প্ৰতিজন নাগৰিকৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠৰ শুনানি এতিয়া পোনপটীয়াকৈ দেখা পোৱাৰ সৌভাগ্য হ’ব পাৰে। এই সম্ভাৱনাৰ সৃষ্টি হৈছে দেশৰ উচ্চতম ন্যায়ালয়খনে লোৱা এটা ঐতিহাসিক স্থিতিৰ বাবে।

৯ জুলাইত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়ধীশ এ এম খানৱিলকাৰ আৰু ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড়ৰে গঠিত এখন তিনিজনীয়া বিচাৰপীঠে শীৰ্ষ আদালতখনৰ গুৰুত্বপূৰ্ণ গোচৰবোৰৰ শুনানি প্ৰক্ৰিয়াটোৰ পোনপটীয়া সম্প্ৰচাৰত সন্মতি প্ৰদান কৰিছে। লগতে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নি জেনেৰেল কে বেনুগোপালক এই সন্দৰ্ভত প্ৰস্তাৱিত নীতি-নিয়মৰ সবিশেষ (detailed proposed guidelines) অহা ২৩ জুলাইৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে।

এই সম্পৰ্কীয় দুখন গুৰুত্বপূৰ্ণ জনস্বাৰ্থজড়িত আৱেদনৰ শুনানি লৈ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ স্থিতি লৈছে।

মন কৰিব লগীয়া যে ৰাজ্যসভা আৰু লোকসভাৰ কাৰ্য্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ দৰে এই শুনানিৰো পোনপটীয়া সম্প্ৰচাৰৰ বাবে সুকীয়া এটা চেনেলৰ প্ৰস্তাৱ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

এই ব্যৱস্থাটোৱে দূৰৱৰ্তী গোচৰীয়া আৰু পদকীয়াসকলক তেওঁলোকৰ গোচৰৰ শুনানিৰ চাই থকাৰ বিৰল সুযোগ দিব। লগতে ব্যৱস্থাটোৰ স্বচ্ছতাতো এটা মাত্ৰা দিব বুলি অনুমান কৰা হৈছে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা আৰু বৰ্তমান অসমৰ সমাজ-ৰাজনৈতিক জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ শুনানিবোৰো অসমৰ ৰাইজে পোনপটীয়াকৈ চাব পাৰিব, যদিহে এই ব্যৱস্থাটো আশা কৰা মতেই সোনকালে হৈ উঠে। উল্লেখযোগ্য যে ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নৰিমানৰ দ্বাৰা গঠিত দুজনীয়া খণ্ড বিচাৰপীঠে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ তত্ত্বাৱধান কৰি আছে।