NORTHEAST NOW (Assamese)

এপ্ৰিলত নামদফা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত হ’ব পখিলাৰ মেলা

March 30, 2018 1:42 pm · এন ই নাও নিউজ

অহা এপ্ৰিলত নামদফা ৰাষ্ট্ৰীয় উদ্যানে নামদফা পখিলা মেলা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে। ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

নামদফা উদ্যান কৰ্তৃপক্ষই ছচাইটি ফৰ এডুকেশ্যন এণ্ড এনভাইৰনমেন্টেল ডেভেলপমেন্ট আৰু মিয়াও এক্সপ্ল’ৰাৰ্ছ তথা দফা ভেলী ট্যুৰছ এণ্ড ট্ৰেভেলছৰ সহযোগত অহা ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে এই মেলাৰ আয়োজন কৰিছে।

‘’আপুনি সিহঁতক ধৰিব নোৱাৰে, কিন্তু আপুনি সিহঁতক বন্দী কৰিব পাৰে’’ শীৰ্ষক টেগ্ লাইনেৰে প্ৰথমবাৰৰ বাবে উদ্যান কৰ্তৃপক্ষই এখন পখিলা মেলাৰ আয়োজনৰ ব্যৱস্থা লৈছে।

আয়োজক সকলে আশা কৰিছে যে অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ কেমেৰাৰে কিছুমান বিৰল প্ৰজাতিৰ পখিলাৰ ফটো তুলিব পাৰিব। জৈৱ বৈচিত্ৰ্যৰ বিৰল স্থান হিচাপে বিশ্বত পৰিচিত উদ্যানখন চাৰিও প্ৰকাৰৰ বাঘৰ আৱাস ভূমি।

এই মেলাত অংশগ্ৰহণৰ বাবে প্ৰতিজনৰ বাবে পঞ্জীয়ন মাচুল ১০০০ টকা ধাৰ্য কৰা হৈছে। মেলাৰ লগত সংগতি ৰাখি প্ৰকৃতি ভ্ৰমণ, মত বিনিময় অনষ্ঠানকে ধৰি তেনেধৰণৰ কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ইতিমধ্যে আয়োজকসকলে বিভিন্ন প্ৰান্তৰ পৰা পোৱা সঁহাৰিৰ বাবে উৎসাহিত হৈ পৰা দেখা গৈছে।

উত্তৰাখণ্ডৰ ভীমটালত থকা পখিলা গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক পীটাৰ স্মেটাচেকে মেলাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব।

 

Related News