এভাৰেষ্ট অভিযানৰ বাবে সাজু আন এগৰাকী অৰুণাচলী মহিলা মুৰি লিংগি

Muri-Linggi-570x320

আকৌ এবাৰ এভাৰেষ্ট অভিযানৰ বাবে সাজু হৈছে অৰুণাচলৰ এগৰাকী মহিলা। চাৰিজনীকৈ কন্যা সন্তানৰ মাতৃ চল্লিশ বছৰীয়া মুৰি লিংগিয়ে এই যাত্ৰাৰ বাবে সাজু হৈছে আৰু দ্বিতীয় গৰাকী অৰুণাচলী মহিলা হিচাপে ইতিহাসৰ ৰচাৰ পথত আগবাঢ়িছে।

মুৰিৰ ডাঙৰজনী ছোৱালীয়ে এইবাৰ চিবিএছচিৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে।

ইয়াৰ আগেয়ে অৰুণাচল প্ৰদেশৰ নামনি দিবাং ভেলী জিলাৰ টিনে মীনাই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী এভাৰেষ্ট আৰোহনকাৰী হিচাপে অভিলেখ গঢ়িছিল।

মুৰি লিংগিৰ এভাৰেষ্ট অভিযান বৃহস্পতিবাৰে পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ মুকুট মিথিয়ে।

লিংগিয়ে প্ৰকাশ কৰে যে টিনে মীনাৰ পৰাই তেওঁ অনুপ্ৰেৰণা লাভ কৰি ২০১৩ চনত পৰ্বতাৰোহণৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মীনাৰ সৈতে তেওঁ কেইবাটাও অভিযানত অংশ লৈছিল আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল মীনাৰ সৈতে হিমাচল প্ৰদেশত এক মহিলা অভিযানকাৰী দলৰ সদস্য হিচাপে ৬৬২২ মিটাৰ উচ্চতাৰ মেন্থোছা শৃংগ আৰোহণ।

সেই একে বৰ্ষতে তেওঁ ডিৰাঙৰ এন আই এম এ এছ আৰ্মি প্ৰতিষ্ঠানৰ পৰা পৰ্বতাৰোহণৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০১৬ চনত লিংগিয়ে এভাৰেষ্ট আৰোহনকাৰী অংশু জনছেম্পাৰৰ সৈতে আন এক মহিলা পৰ্বতাৰোহণ অভিযানত ৬২২২ মিটাৰ উচ্চতাৰ গৰিচেন শৃংগ আৰোহন কৰিছিল।

জানিব পৰা মতে এভাৰেষ্ট অভিযানৰ বাবে ন্যুনতম ২০ লাখ টকাৰ প্ৰয়োজন হ’ব। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে ১০ লাখ মঞ্জুৰ কৰিছে। এনএইচপিচিৰ দিবাং বহুমুখী প্ৰকল্পৰ পৰা ১ লাখ টকা আগবঢ়াইছে। ইয়াৰ লগতে মধুকন গ্ৰুপে ১ লাখ টকাৰ বৰঙণি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু অৰুণাচল মহিলা আৰু শিশু কল্যাণ সমিতি নামৰ বেচৰকাৰী সংস্থাটোৱে ৫০,০০০ টকা আগবঢ়াইছে। তদুপৰি, সাংসদ মুকুট মিথিৰ লগতে কেইগৰাকীমান শুভাকাংখীয়েও কিছু বৰঙণি আগবঢ়াইছে।

অভিযান শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকা এভাৰেষ্ট আৰোহণকাৰী টিনে মীনাই কয়, ‘’কেতিয়াবা পৰ্বতত আনকি সৰু বাধায়ো বহুত কষ্ট আৰু হতাশা আনি দিয়ে।‘’ তেওঁ লিংগিক এইবোৰ কথাত গুৰুত্ব নিদি নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যাবলৈ উপদেশ দিয়ে।

অভিযানৰ পাতনি মেলাৰ আগতে লিংগিয়ে ৫৭-৫৮ দিনৰ এটা বিশেষ প্ৰশিক্ষণ সমাপ্ত কৰিব লাগিব।