এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কেলেংকাৰীৰ তদন্ত চলাই থকা ডিব্ৰুগড় আৰক্ষীয়ে এইবাৰ কেলেংকাৰিটোৰ সৈতে জড়িত দুজন দালালক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিত নিমজ্জিত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিচত আৰক্ষীয়ে পালৰ অতি ঘনিষ্ঠ এই দালাল দুজনক গ্ৰেপ্তাৰ কৰে।
ডিব্ৰুগড় আৰক্ষীয়ে কালি নিশা অভিযান চলাই গুৱাহাটী মহানগৰীৰ পৰা আটক কৰিছে এ পি এছ চি কেলেংকাৰিৰ সৈতে জড়িত ব্যৱসায়ী সুৰজিত চৌধুৰীক। সুৰজিত চৌধুৰী এ পি এছ চি কাণ্ডৰ মূল নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ আছিল। তদুপৰি এ পি এছ চিৰ ‘কেচ ফৰ জব’ কেলেংকাৰীত আৰক্ষীৰ জালত পৰি ৰঙাঘৰৰ আলহী হোৱা পল্লবী শৰ্মা চৌধুৰীৰ স্বামী হৈছে সুৰজিত চৌধুৰী।
মহানগৰীৰ আজাৰা অঞ্চলত ৰাকেশ পালৰ ঘনিষ্ঠ এই দালালজনে ফ্লেট বিক্ৰীৰ নামত গ্ৰাহকৰ পৰা বহু ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে। এগৰাকী বিল্ডাৰ চৌধুৰীৰ বিৰুদ্ধে আজাৰাত ১৩০টা পৰিয়ালক ফ্লেট যোগান নধৰাৰ অভিযোগ আছে। জানিব পৰা মতে কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীৰো ঘনিষ্ঠ আছিল এইজন সুৰজিত চৌধুৰী।
আনহাতে, ৰাকেশ পালৰ আন এজন ঘনিষ্ঠ সহযোগী দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰিছে। দৰং জিলাৰ ছিপাঝাৰৰ পৰা কালি নিশাই আটক কৰা লোকজনৰ নাম হৈছে শৈলেন শৰ্মা বৰুৱা। শৰ্মা বৰুৱা দৰং জিলা বিজেপিৰ উপ-সভাপতি তথা দৰং বাৰ এচ’ছিয়েছনৰ সম্পাদক। তদুপৰি, শৈলেন শৰ্মা বৰুৱা বৰ্তমান ৰঙাঘৰৰ আলহী অভিযুক্ত এ চি এছ বিষয়া পল্লবী শৰ্মা চৌধুৰীৰ অধিবক্তা আছিল।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱাৰ বিৰুদ্ধে ন্যায়াধীশক মেনেজ কৰিবলৈ চেষ্টা চলোৱাৰো অভিযোগ আছ। তেওঁলোক দুয়োজনেই তদন্তত ব্যাঘাত জন্মাবলৈ অহৰহ চেষ্টা চলাইছিল।
উল্লেখ্য যে, লোকসেৱা আয়োগৰ দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত বৰ্তমানলৈ ৫৫ গৰাকী ৰাজপত্ৰিত বিষয়াসহ সৰ্বমুঠ ৬৬ গৰাকী ব্য়ক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই জানিব দিয়া মতে আগলৈ কেলেংকাৰীটোৰ সৈতে জড়িত আৰু এনেধৰণৰ দালাল আটক হোৱাৰো সম্ভাৱনা আছে।
আনহাতে, আজি বিশেষ আদালতত এ পি এছ চিৰ কেলেংকাৰিৰ গুৰুত্বপূৰ্ণ শুনানি আছে। তদন্তৰ বাবে অতিৰিক্ত ৩ মাহ সময় বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে জনোৱা আবেদন সন্দৰ্ভত আদালতে আজি ৰায় দিয়াৰ সম্ভাৱনা আছে।