ওদালগুৰিত মানৱ সৰবৰাহত জড়িত থকাৰ সন্দেহত চাৰিজন যুৱকক আটক এছ এছ বি দলৰ

সশস্ত্ৰ সীমা বলৰ এটা দলে অভিযানৰ সময়ত আটক কৰা যুৱককেইজন।

ৰাজ্যত মানৱ সৰবৰাহ, বিশেষকৈ কিশোৰী আৰু যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহ কৰা দুষ্টচক্ৰ সক্ৰিয় হৈ থকাৰ কথাটো বিভিন্ন সময়ত প্ৰমাণ হৈ অহাৰ সময়তে ১২ জুলাইত ওদালগুৰিত আৰক্ষীয়ে তিনিজন যুৱকক এনেকুৱা ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰিছে।

ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অধীনৰ তিপাবস্তিৰ পৰা এই যুৱক কেইজনক আটক কৰা হৈছে। সশস্ত্ৰ সীমা বলৰ ২৩ নং বেটেলিয়নৰ এটা বাহিনীয়ে অভিযানৰ সময়ত এওঁলোকক আটক কৰে। এওঁলোকৰ কৱলৰ পৰা দুগৰাকী কিশোৰীকো উদ্ধাৰ কৰে দলটোৱে।

আটক কৰা অৰুণাচলী যুৱককেইজন হ’ল ক্ৰমে নাবাংচাং দৰ্জী, থুপটেন দৰ্জী আৰু পেম ছেৰিং।

সূত্ৰটোৱে জনোৱামতে, অভিযানৰ সময়ত যুৱককেইজনৰ সৈতে কিশোৰী দুগৰাকীক পোৱা গৈছিল। আনহাতে এই যুৱককেইজনক সংগ দিয়া এজন স্থানীয় যুৱক শনিৰাম চোৰেনকো অভিযানকাৰী দলটোৱে আটক কৰে। জানিব পৰামতে, শনিৰামে কিছুদিন ধৰি অৰুণাচলত কাম কৰিছিল আৰু সেই সূত্ৰে অৰুণাচলী যুৱককেইজনৰ সংযোগত আহিছিল। আটাইকেইজন যুৱকক সোধা-পোছাৰ অন্ততঃ এছ এছ বিৰ দলটোৱে হৰিশিঙা আৰক্ষী থানাত গতাই দিয়ে।