উচ্চ মাধ্যমিক শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কলিয়াবৰ বিধান সভা সমষ্টিৰ ছাত্র-ছাত্ৰী সকলৰ এক অভিনন্দন অনুষ্ঠান কলিয়াবৰ মুক্তিযুঁজাৰু স্মৃতি ভৱনত আজি ৮ জুনত অনুষ্ঠিত হয়।
কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জল সম্পদ তথা বিজ্ঞান-প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই অনুষ্ঠানটোৰ আয়োজন কৰিছিল।
অভিনন্দন অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে অংশগ্ৰহণ কৰি কয় যে সমাজৰ সম্পদ হ’লেহে সাফল্য আহে। সেয়েহে সামাজিকভাৱে সাফল্য আনিব পৰা শিক্ষা হওক।
কলিয়াবৰ মহাবিদ্যালয়, ৬ খন কনিষ্ঠ মহাবিদ্যালয়, ১০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২৯ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা কৃতিত্বৰে উত্তীৰ্ণ ছাত্র -ছাত্ৰীসকলক অভিনন্দন পত্ৰ, ফুলৰ থোপা আৰু কিতাপৰ একোটাকৈ টোপোলাৰে অভিনন্দন জনোৱা হয়।
কলিয়াবৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত অসমৰ ভিতৰতে কলা শাখাত শীৰ্ষ স্থান দখল কৰা নগাওঁ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱা আৰু বাণিজ্য শাখাত শীৰ্ষ স্থান দখল কৰা ৰৌনক লোহিয়াকো অভিনন্দন জনোৱা হয়।
এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা কলিয়াবৰৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলকো অভিনন্দন জনোৱাৰ লগতে বিধায়কৰ এলেকা উন্নয়ন পুঁজিৰ পৰা ১ লাখকৈ টকাৰ চেক প্ৰদান কৰে বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই।
অতিমাত্ৰা গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।